আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰগতিত প্ৰবাসী ভাৰতীয়সকলৰ সক্ৰিয় অৱদানত আনন্দিত: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
অনলাইন বাৰ্ত্তাসেৱা- আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “মই আনন্দিত যে প্ৰবাসী ভাৰতীয়সকলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰত সক্ৰিয় অৱদান আগবঢ়াইছে।” তেওঁ লগতে কয়, “এই দশকটো প্ৰতিভা আৰু জনসাধাৰণৰ মাজত সম্পৰ্কৰ দ্বাৰা গঢ় লৈ উঠা হ’ব।” ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি বিডেনে কৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰগতিযাত্ৰাত ৪০ লাখতকৈও অধিক ভাৰতীয়-আমেৰিকান লোকে অংশগ্ৰহণ কৰিছে।