ক’ৰোনা ভাইৰাছে ক্ৰমাৎ মাৰণ ক্ষমতা হেৰুৱাইছেঃ গৱেষক ডেম ছাৰা গিলবার্ট

The Conversation

ক’ৰোনা ভাইৰাছে ক্ৰমাৎ মাৰণ ক্ষমতা হেৰুৱাইছেঃ গৱেষক ডেম ছাৰা গিলবার্ট

অনলাইন বাৰ্ত্তাসেৱা – ক’ভিড ভেকচিন প্রস্তুতকর্তা সংস্থা অ’ক্সফ’ৰ্ড-আস্ট্রাজেনেকাৰ গৱেষক ডেম ছাৰা গিলবার্টে দাবী কৰা অনুসৰি, ক’ৰোনা ভাইৰাছে ক্ৰমাৎ মাৰণ ক্ষমতা হেৰুৱাইছে আৰু জিনগত প্ৰক্ৰিয়াৰ বাবেই দুৰ্বল হৈ আহিছে।  তেখেতৰ মতে ক’ৰোনা ভাইৰাছৰ নতুন প্রজাতিবোৰৰ প্ৰাণঘাতী হৈ উঠাৰ ক্ষমতা যথেষ্ট কম। গৱেষগৰাকীয়ে দাবী কৰে, আগন্তুক দিনত ক’ৰোনা ভাইৰাছ দুৰ্বল হোৱাৰ এই প্ৰৱণতা অব্যাহত থাকিব। ব্ৰিটেইনৰ এখন সংবাদ পত্ৰৰ সৈতে হোৱা সাক্ষাৎকাৰত অক্সফ’ৰ্ড আষ্ট্ৰাজেনেকাৰ গৱেষণাগাৰ ‘জেনাৰ ইনষ্টিটিউট’ৰ মুৰব্বী ডেম ছাৰা গিলবার্টে উল্লেখ কৰিছে যে শেষপর্যন্ত ক’ৰোনা ভাইৰাছ সাধাৰণ জ্বৰ (ফ্লু)ৰ ভাইৰাছৰ স্তৰলৈ নামি আহিব। কালি ৰয়েল ছ’চাইটী অৱ মেডিচিনৰ আলোচনা সভাত ডেমে উল্লেখ কৰিছে যে জিনৰ পৰিৱৰ্তনশীল প্ৰক্ৰিয়াৰ বাবে ভৱিষ্যতে অধিক প্রাণঘাতী ক’ৰোনা ভাইৰাছ সৃষ্টিৰ সম্ভাৱনা প্ৰায় নোহোৱা হৈ পৰিব।