আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা

ৰঙিলী বাৰ্ত্তাসেৱা- কথমপি প্ৰাণ ৰক্ষা প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। পেনচিলভেনিয়াত নিৰ্বাচনী সমাৱেশৰ সময়ত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা।এই গুলীচালনাৰ ঘটনাত আঘাতপ্ৰাপ্ত হয় আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্প ।দুর্বৃত্তই চলোৱা গুলীয়ে ট্রাম্পৰ সোঁ কাণত আঘাত কৰে। গুলীৰ আঘাতত ঠাইতে ঢলি পৰে প্ৰাক্তন মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প। লগে লগে তেওঁৰ সুৰক্ষা কৰ্মীয়ে ৰাষ্ট্ৰপতিগৰাকীক হাস্পতাললৈ নিয়াৰ যো- জা কৰে। নৱেম্বৰ মাহত হ’বলগীয়া নির্বাচনী প্ৰতিদ্বন্দ্বিতাৰ পূৰ্বে ৰাষ্ট্ৰখনত ৰাজনৈতিক অস্থিৰতাৰ উমান পোৱা গৈছে। ৰাষ্ট্ৰপতিগৰাকীৰ ওপৰত চলা এই আক্রমণে পৰিস্থিতি আৰু অধিক উদ্বেগজনক কৰি তুলিছে। সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতি ট্রাম্পলৈ উদ্দেশ্য কৰি গুলী চলোৱা দুর্বৃত্তটোৰ ইতিমধ্যে মৃত্যু হৈছে। লগতে এজন পথচাৰীৰো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বাটলাৰ কাউন্টিৰ জিলা এটর্নী ৰিচাৰ্ড গোল্ডিংগাৰে কয় যে গুলীচালনা কৰাজনকে ধৰি দুজন লোকৰ মৃত্যু হৈছে। ৰাষ্ট্ৰপতি জো বাইডেনে প্রাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনাৰ ঘটনাক গৰিহণা দিছে। প্রাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামায়ো এই আক্রমণক গৰিহণা দিয়ে। এক্স হেণ্ডেলত দিয়া পোষ্টটোত তেওঁ কয় যে আমাৰ গণতন্ত্ৰত কোনো ৰাজনৈতিক হিংসাৰ স্থান একেবাৰেই নাই।