আমেৰিকাৰ ডেভিড জুলিউছ আৰু আৰ্ডেম পাটাপৌটিয়ানকে যৌথভাৱে লাভ কৰে ২০২১ বৰ্ষৰ ন’বেল বঁটা

pc India Today

অনলাইন বাৰ্ত্তাসেৱা – মেডিচিনৰ বাবে ২০২১ বৰ্ষৰ ন’বেল বঁটা ঘোষণা কৰা হৈছে। এইবাৰ আমেৰিকাৰ ডেভিড জুলিউছ আৰু আৰ্ডেম পাটাপৌটিয়ানক যৌথভাৱে এই বঁটাৰে সন্মানিত কৰা হৈছে। উল্লেখ্য যে, ১৯৫৫চনত আমেৰিকাৰ নিউয়ৰ্কত জন্ম গ্ৰহণ কৰিছিল ডেভিড জুলিউছে। ১৯৮৪চনত কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰিছিল তেওঁ। তেওঁ বৰ্তমান ছেন ফ্ৰান্সিছক’ৰ ইউনিভাৰ্ছিটী অৱ কেলিফৰ্নিয়াত অধ্যাপক ৰূপে কৰ্মৰত।

ইফালে, আৰ্ডেম পাটাপৌটিয়ানৰ জন্ম হৈছিল ১৯৬৭ চনত লেবনানৰ বেৰুতত। পাছত তেওঁ আৰু পৰিয়ালৰ লোক আমেৰিকাৰ লছ’ এঞ্জেলিছলৈ গুচি আহে। ১৯৯৬চনত কেলিফৰ্নিয়া ইনষ্টিটিউট অৱ টেকন’লজী, পেছাডেনাৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰে পাটাপৌটিয়ানে।