আমেৰিকাৰ ঘাইপথত বিস্ফোৰণ হয় ৫৩,০০০ লিটাৰ ইন্ধন কঢ়িয়াই অনা এখন টেংকাৰ

pc Fox News

অনলাইন বাৰ্ত্তাসেৱা – আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগানৰ আৰক্ষীৰ এটা বিভাগে এখন টেংকাৰৰ ডেশ্বব’ৰ্ড কেমেৰা ফুটেজ মুকলি কৰিছে আৰু ইয়াত দেখা গৈছে যে এটা ঘাইপথৰ কাষত এটা কংক্ৰিট বেৰিয়াৰত খুন্দা মৰাৰ পিছত জ্বলি উঠিছিল। আৰক্ষীৰ পৰা জানিব পৰা  গৈছে যে দুৰ্ঘটনাৰ সময়ত টেংকাৰখনত প্ৰায় ৫৩,০০০ লিটাৰ গেছ’লিন আৰু ডিজেল ইন্ধন আছিল। বাহনখনৰ চালকজন সামান্য আঘাতপ্ৰাপ্ত হৈছিল বুলি তেওঁলোকৰ পৰা জানিব পৰা গৈছে।

(UD.)