আমেৰিকান সেনাৰ আই এছৰ ঘাটিত ড্ৰোণ আক্ৰমণ

pc- DAWN

আমেৰিকান সেনাৰ আই এছৰ ঘাটিত ড্ৰোণ আক্ৰমণ

অনলাইন বাৰ্ত্তাসেৱা- কাবুল বিমানবন্দৰত আত্মাঘাতী বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে এই আক্ৰমণৰ প্ৰতিশোধ লোৱা হʼব বুলি কৈছিল। আৰু ইয়াৰ পাছতে আমেৰিকান সেনাই আই এছৰ ঘাটীত ড্ৰোন আক্ৰমণ কৰে। কাবুলত বৃহস্পতিবাৰে ইছলামিক ষ্টেট-খোৰচানা নামেৰে পৰিচিত সন্ত্ৰাসবাদী সংগঠনটোৱে আক্ৰমণ সংঘটিত কৰিছিল। আমেৰিকান সেনাই এই আক্ৰমণৰ লগত আই এছৰ ঘাটীত ড্ৰোণ আক্ৰমণ কৰে। মাৰ্কিন সেনাৰ এজন বিষয়াই আফগানিস্তানৰ নানগাৰহাৰ প্ৰদেশত আই এছৰ ঘাটীত ড্ৰোণ আক্ৰমণ কৰি ‘লক্ষ্য’ক নিহত কৰা হৈছে বুলি সদৰী কৰিছে। ইফালে আমেৰিকান সেনাই কৰা এই প্ৰত্যাক্ৰমণে আফগানিস্তানত পুনৰ অশান্তিৰ সৃষ্টি কৰিব বুলি আশাংকা কৰা হৈছে। তালিবানৰ উত্থানৰ সমান্তৰালকৈ আই এছৰ দৰে সংগঠনেও দেশখনত থিতাপি লৈছে।

(Utpal Kalita)