আমেৰিকাত পুনৰ কৰʼনাৰ সংক্ৰমণ বৃদ্ধি

pc- The Economic Times

আমেৰিকাত পুনৰ কৰʼনাৰ সংক্ৰমণ বৃদ্ধি

অনলাইন বাৰ্ত্তাসেৱা– আমেৰিকাত পুনৰ কৰʼনাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে। দেশখনৰ চিকিৎসালয়সমুহত জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হৈছে। আমেৰিকাৰ টেক্সাছৰ ৰাজধানী আষ্টিনৰ পৰিস্থিতি অধিক সংকটজনক হৈ পৰিছে। চহৰখনৰ চিকিৎসালয়সমুহৰ আই চি ইউত মাত্ৰ ৬খন বেডহে খালী হৈ আছে। টেক্সাছৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি আষ্টিনৰ চিকিৎসালয়সমুহত ৩১৩টা ভেন্টিলেটৰ আছে। আৰু স্বাস্থ্য বিভাগে সকলোকে সাবধান হৈ থকাৰ পৰামৰ্শ দিছে। ডেল্টা সংক্ৰমণৰ বাবে চহৰখনত এমাহৰ ভিতৰতে নতুন কৰʼনা ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। টেক্সাছৰ স্বাস্থ্য বিভাগৰ সঞ্চালক ডেছমৰ ভাক্সে কয় যে ভৱিষ্যতত দেশখনত কৰʼনা সংক্ৰমমৰ হাৰ বৃদ্ধি পোৱাৰ  আশংকা আছে। আষ্টিনৰ চিকিৎসালয়সমুহত ৰোগী ভৰ্তিৰ হাৰ গঢ়ে ৬০০ শতাংশৰো অধিক আৰু আই চি ইউত ৰোগীৰ হাৰ ৫৭০ শতাংশ বাঢ়িছে।

 

(R.T)