আমি পথাৰ গচকা মানুহ
তাহানিৰে পৰা বোকা পানীৰ স’তে
অনাখৰি এটা মধুৰ সম্পৰ্ক…..।
আমি পথাৰ গচকা মানুহ
ৰ’দেও নুপুৰে,বৰষুণেও নিতিতায়,
কেৱল টোপাল টোপাল ঘামত সঞ্চিত
অফুৰন্ত শকতিয়ে দি যায়
এটাই মাথোঁ নিচান
এটাই মাথোঁ হাঁহি
সেউজ স্বপ্নৰ।
শুকুলা মেঘৰ ছাঁ
ভাল লাগে সদায়,
মলয় সমীৰৰ সান্নিধ্যই
খোলে বাৰে বাৰে ব্যস্ততাৰ মুঠিটো।
নিতৌ পুৱা বেলিটো জগাও
আৰু সন্ধিয়া নিচুকাও
ৰঙীণ হেঁপাহৰ ক্লান্তি জুৰাও
পথাৰতে থাকি পথাৰতে ঢালি।
পাৰ্থপ্ৰতীম শৰণীয়া
তামুলপুৰ