আমাৰ গুৰু
অনামিকা (সংগীতা )কলিতা,শুৱালকুছি
ঘন ঘোৰ অমানিশা
কালৰূপ বিনাশী
বোৱলা বৈকুণ্ঠ প্ৰেমৰ
অমৃতৰ নদী।
আধ্যাত্মিক জ্ঞানে কৰে সংযমী
একাত্ম বোধেই জগতৰ শান্তি
গুৰু ,দেৱ ,নাম,ভকত
একতাৰ শিকলিৰে বান্ধি —
শৰণ, ভজন , নাম প্ৰসংগ
ঈশ্বৰ ভক্তি মাৰ্গৰ সাগৰ সিঁচি মুকুতা দিলা ।
ভুৰুকাত হাটী ভৰাই গুণমান ৰচিলা ।
সৰ্বগুণাকৰ তুমি আমাৰ গুৰু
“শ্ৰীমন্ত শঙ্কৰদেৱ” ..!