আমাৰো আছিল এটা সুখৰ পৰিয়াল – নাজবিন চুলতানা

PC - As They Grow
আমাৰো আছিল এটা সুখৰ পৰিয়াল
নাজবিন চুলতানা, পাটসাঁকো
আমাৰো আছিল এটা সুখৰ পৰিয়াল…
মামা-মামী,মাহী-মহা,পেহী-পেহাৰ মৰমেৰে আপ্লুত
এটা জাকত জিলিকা পৰিয়াল,
আমাৰো আছিল এটা সুখৰ পৰিয়াল…
দাদা-বাইদেউ,ভাইটি-ভণ্টিৰে পূৰ্ণতা প্ৰাপ্ত …
যেন সোণত সুৱগা চৰা,
আমাৰো আছিল এটা সুখৰ পৰিয়াল …।
কিন্তু…
হেৰাই গ’ল বহু বছৰলৈ পৰিয়ালৰ আপোনতা,
হেৰাই গ’ল এদিনৰ প্ৰেম প্ৰাপ্তিৰ নামত
পৰিয়ালটোৰেই মৰমৰ এনাজৰী,
ঘূণে ধৰিলে
মনৰ ব্যৱধানত পৰিয়ালৰ বাঘজৰীডাল,
যান্ত্ৰিকতাৰ তাগিদাত বিচ্ছিন্ন যোগাযোগত
পৰিয়াল নামৰ সম্পৰ্কত
ঠাই ল’লে ভুল বুজা-বুজিৰ তিতা-কেঁহাৰ সময়ে ।
ঠাই ল’লে অহংকাৰ-অভিমানে,
ঠাই ল’লে
চহকীৰ গোপন প্ৰতিযোগিতাৰ হেন্দুলনিয়ে,
প্ৰতিযোগিতাৰ স্থলীত সুখী নহ’ল কোনো,
হাৰি যায় এদিন নিজৰ মানুহৰ মৰমৰ সন্মুখত,
আৰু এদিন কয় মোৰ বৰ ভাগৰ লাগিছে অ’…
মই বৰ দুখীয়া আজি…।
চহকী মই তেতিয়া আছিলো যেতিয়া আমি
একেখন চাদতে আমি হৈ আছিলো ,
চহকী মই তেতিয়া আছিলো যেতিয়া আমি
মৰম-অভিমানৰ মাজেৰেও আপোন হিচাপত
আমি হৈ আছিলো।
জয়ী হ’ল বহু বছৰৰ অন্তত আজি এই
হেৰাই যোৱা সুখী পৰিয়ালৰ মৰমবোৰৰ ।।