আমন্ত্ৰণ
কুমুদ চন্দ্ৰ মেধি
কঁহুৱাৰ শুকুলা ৰূপৰ
পৰশে জনালে
শৰতৰ বতৰা,
পূৰ্ণিমাৰ স্নিগ্ধ জোনাকত
প্ৰকৃতি হয়
আপোন পাহৰা।
দূৱৰিৰ দলিচাত
অঁকা নিয়ৰৰ
উজ্জ্বল চিকমিকনি,
সৰা শেৱালিৰ
মধুৰ সুবাসে
শৰত অহাৰ
বিলালে বাণী।
হাচনাহানাৰ শীতল
গোন্ধত চৌদিশ
আমোলমোলাই যায়,
ভৰযৌৱনা হৈ
শৰত আহে
প্ৰকৃতিৰ অপৰূপ
সৌন্দৰ্য্য ওপচায়।
নিৰ্মল আকাশ
আলসুৱা মেঘে
হিয়া-মন জুৰ পেলায়,
শৰতে নিয়ে আমাৰ
মনৰ এন্ধাৰৰ
মলিন ছাঁ আঁতৰায়।
শৰত তোমাক
জনালোঁ নিমন্ত্ৰণ
দিয়া আনন্দৰ
জেউতি বিলাই,
সূন্দৰ ধৰা
জিলিকি উঠক
জ্যোতিৰ স্ফুলিংগৰ
ন-ন ঢৌ বোৱাই।