আমগুৰিত কংগ্ৰেছৰ কাৰ্যালয় শুভ উদ্বোধন আৰু যোগদান অনুষ্ঠান 

আমগুৰিত কংগ্ৰেছৰ কাৰ্যালয় শুভ উদ্বোধন আৰু যোগদান অনুষ্ঠান 

যদুমণি হাজৰিকা, নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা– সদ্য ঘোষিত সমষ্টি পুনৰ্নিদ্ধাৰণৰ প্ৰক্ৰিয়াত বিলুপ্ত হোৱা আমগুৰি সমষ্টি বৰ্তমানে নাজিৰা সমষ্টিত অন্তৰ্ভুক্ত হোৱাত  আমগুৰি গ্ৰাম্য আৰু নগৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা কংগ্ৰেছ দলৰ নতুন কার্যালয়ৰ শুভ উদ্ধোধন কৰে নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । এই কাৰ্যসূচীত AGP আৰু BJP দলৰ পৰা কেইবাজনো কৰ্মীয়ে কংগ্ৰেছ দলৰ আদৰ্শ আৰু দৰ্শনৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে ৷ নতুনকৈ যোগদান কৰা সকলক আদৰণি জনাই দেৱব্ৰত শইকীয়াই তেওঁলোকে অনাগত সময়ত কংগ্ৰেছ দলৰ হৈ নিষ্ঠা সহকাৰে কাম কৰি দলৰ আদৰ্শক ৰাইজৰ মাজলৈ লৈ যোৱাত বিভিন্ন প্ৰকাৰে সহায় সহযোগিতা আগবঢ়াবৰ বাবে আহ্বান জনায় । এই সভাৰ সভাপতিত্ব কৰে বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী প্ৰফুল্ল বৰুৱাই৷ উক্ত সভাত শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি মঞ্জিৰ গগৈ, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী নীনা বৰুৱা, জিলা যুৱ কংগ্ৰেছৰ সভাপতি অংশুমান বৰুৱা, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা মণি শইকীয়া গগৈ, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা সম্পাদক মনোৰঞ্জন বৰগোহাঁই, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক ক্ৰমে বিতুপন শইকীয়া, লক্ষী সন্দিকৈ, টাউন ব্লকৰ সভাপতি পুৰুজিত মহন্ত, প্ৰদেশ কংগ্ৰেছৰ সদস্য আব্দুৰ ৰহমান, প্ৰমোদ ফুকন, আমগুৰি গ্ৰাম্য ব্লকৰ সভাপতি অতুল গগৈ, নাজিৰা ব্লক কংগ্ৰেছৰ সভাপতি সভাৰাম গগৈ, আমগুৰি জিলা পৰিষদৰ সদস্যা লিপি দত্ত, বৰাহিবাৰি আৰু অন্যান্য গাওঁ পঞ্চায়তৰ সভানেত্ৰী, ৱাৰ্ড সদস্য/সদস্যা, নাজিৰা জিলা পৰিষদৰ সদস্যা তথা নাজিৰা ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী তুলুমণি কোঁৱৰ, আমগুৰি মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন প্ৰবক্তা শ্ৰদ্ধেয় যদুমণি মহন্ত প্ৰমুখ্যে বহু কেইজন বিশিষ্ট নাগৰিক ও দলীয় কৰ্মী উপস্থিত থাকে।