আবেগৰ স্পৰ্শ – শ্বামীম খান

আবেগৰ স্পৰ্শ
শ্বামীম খান
এজনী কুমাৰীলৈ
এটি ফুলৰ কপাহী হাৰ
শেৱালীৰ সুবাসে
এটি বাৰ্তা দি যাই।
খেজুৰ পিহি মিহলাই
নীলাজ মৌ-মাখিটো
বেয়াকৈ ফচিলে।
খলা-বমা, পাহাৰ-পৰ্বতৰ
সুৰংগ সমুহ চিনি পালে।
আবেগৰ কিছু স্পৰ্শ
কিছু শূন্যতা
পূৰণ কৰাৰ লিপ্সা
 আকৌ আহিবলৈ প্ৰতিশ্ৰুতি দি…
মোৰ কবিতাটো ইমানতে শেষ হয়।