আবিৰৰ সুবাস
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
পলাশ মদাৰ কৃষ্ণচূড়াৰ ৰক্তিম আভা
ফাগুনৰ পছোৱা জাকে চৌদিশে
আবিৰৰ মন মতলীয়া সুবাস কঢ়িয়াই ,
সৰাপাতৰ উচুপনিত হৃদয়খন
সেমেকি যায়।
তথাপিও লঠঙা ডাল পাতত আনন্দ বিহঙ্গে
এয়া সময় ভক্তিৰসৰ
শ্ৰীকৃষ্ণৰ লীলা মাধুৰ্যৰ পৰম প্ৰকাশ
প্ৰেমৰ মিঠা অভিমানৰ টোপোলাটো
লৈ আই লক্ষ্মীৰ ঠেহ।
বিৰহ বেদনা প্ৰতিশ্ৰুতি বিশ্বাসৰ
এনাজৰী কম্পন।
মনুষ্যশক্তি যুগে যুগে অৱতাৰ
ভক্ত ভগৱানৰ মিলনৰ ৰেখা।