আফগানিস্তানৰ ঘটনাৱলীত তীক্ষ্ণ দৃষ্টিঃ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালৰ

Pc- times Of india

আফগানিস্তানৰ ঘটনাৱলীত তীক্ষ্ণ দৃষ্টিঃ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালে প্ৰকাশ কৰিছে যে ভাৰতে আফগানিস্তানৰ ঘটনাৱলীত তীক্ষ্ণ দৃষ্টি ৰাখিছে। দিল্লী আঞ্চলিক নিৰাপত্তা বিষয়ক আলোচনাত শ্রীদোভালে কয় যে এই আলোচনা অনুষ্ঠিত কৰিবলৈ পাই ভাৰত গৌৰৱান্বিত। শ্রীদোভালে আশা প্রকাশ কৰে যে এই আলোচনা অত্যন্ত ফলপ্ৰসূ হ’ব আৰু আফগানিস্তানবাসীৰ সহায় হোৱাৰ লগতে এই আলোচনাই সকলো দেশৰে সামূহিক সুৰক্ষা নিশ্চিত কৰিব। তেওঁ কয় যে এই বৈঠকত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰসমূহৰ মাজত ঘনিষ্ঠ সহযোগিতাৰ সময় আহি পৰিছে। নতুন দিল্লীত ভাৰতৰ উদ্যোগত আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত দিল্লী আঞ্চলিক নিৰাপত্তা আলোচনা অনুষ্ঠিত হৈছে। এই বৈঠকত ভাৰতৰ লগতে ইৰান, কাজাকস্তান, কির্গিজ ৰিপাব্লিক, ৰাছিয়া, তাজিকিস্তান, তুর্কমেনিস্তান আৰু উজবেকিস্তানে অংশগ্রহণ কৰিছে। ভাৰতে পাকিস্তান আৰু চীনকো আমন্ত্ৰণ কৰিছিল যদিও দুয়োখন দেশ উপস্থিত থকাৰ পৰা বিৰত থাকে। চীনে কেতবোৰ নিৰ্ধাৰিত বিষয়ৰ বাবে বৈঠকত উপস্থিত থাকিব নোৱাৰাৰ কথা জনাইছে যদিও কৈছে যে আফগানিস্তান সন্দৰ্ভত ভাৰতৰ সৈতে বহুপাক্ষিক আৰু দ্বিপাক্ষিক আলোচনা কৰিবলৈ দেশখন সাজু আছে। আফগানিস্তানৰ চুবুৰীয়া ৰাষ্ট্ৰকে ধৰি অন্যান্য মধ্য এছিয়াৰ দেশসমূহ প্ৰথমবাৰৰ বাবে আফগানিস্তান সন্দৰ্ভত এনে বৈঠকত মিলিত হৈছে। এই বৈঠকত দেশসমূহৰ উপস্থিতিয়ে আফগানিস্তানত শান্তি আৰু নিৰাপত্তা বৰ্তাই ৰখাৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা ভূমিকাক স্বীকৃতি দিয়া হিচাপে বিবেচিত হৈছে। আমাৰ সংবাদদাতাই চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি জনোৱা অনুসৰি বৈঠকত আফগানিস্তানৰ নিৰাপত্তা পৰিস্থিতিৰ লগতে সন্ত্রাসবাদ, নিচাযুক্ত সামগ্ৰীৰ উৎপাদন আৰু সৰবৰাহ সন্দৰ্ভতো আলোচনা কৰা হব। ইৰানৰ ৰাষ্ট্ৰীয় নিরাপত্তা পরিষদ সচিব বিয়ের এডমিলে আলী ছামখানিয়ে কয় যে আফগানিস্তানত সকলো থলুৱা জনগোষ্ঠীৰ অংশগ্রহণেৰে এখন বিস্তৃত চৰকাৰ গঠন কৰিলেহে সমস্যার সমাধান ওলাব। এডমিৰেল ছামখানিয়ে আশা প্রকাশ কৰে যে চলিত বৈঠকতে এই সন্দৰ্ভত এটা সমাধান সূত্ৰ উলিয়াব পৰা হব।  তাজিকিস্তানৰ নিৰাপত্তা পৰিষদৰ সচিব নাশ্বৰুন্ন ৰহমদজন মাহমুদজদাই কয় যে আফগানিস্তানৰ সৈতে তাজিকিস্তানৰ দীঘলীয়া সীমান্ত আছে আৰু সেয়ে ড্ৰাগছ সৰবৰাহৰ লগতে সন্ত্রাসবাদ বিয়পি পৰাৰ সম্ভাৱনা আছে। সচিব মাহমুদজদাই কয় যে দুয়োখন দেশৰ সীমান্ত বৰ্তমান জটিল হৈ পৰিছে। আফগানিস্তানবাসীৰ সকলো ধৰণৰ সাহায্যৰ বাবে তাজিকিস্তান সাজু আছে বুলিও তেওঁ প্ৰকাশ কৰে। কির্গিজস্তানৰ নিৰাপত্তা পৰিষদৰ সচিব মাৰাট এম ইমানকুলভে কয় যে অঞ্চলটোৰ লগতে সমগ্ৰ বিশ্বতে সম্প্রতি অতি জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে। আলোচনাত নিজৰ মতামত প্ৰকাশ কৰি ৰাছিয়াৰ নিৰাপত্তা পৰিষদৰ সচিব নিকোলাই পাটুছেভে কয় যে এই বহুপাক্ষিক বৈঠকত আফগানিস্তানৰ পৰিস্থিতিৰ সহায়ক হোৱাকৈ বিভিন্ন বিষয়ৰ আলোচনা কৰিব আৰু দেশখনত দীৰ্ঘকালীন শান্তি প্রতিষ্ঠাৰ বাট প্রশস্ত কৰি তুলিব।