আপোনাৰ যিটো দিশত জ্ঞান আছে তাকেই সুন্দৰতাৰ সৈতে ৰূপায়ণ কৰাৰ চেষ্টা কৰক – চন্দ্ৰ শেখৰ পৰাজুলী

PC-edujesuit

আপোনাৰ যিটো দিশত জ্ঞান আছে তাকেই সুন্দৰতাৰ সৈতে ৰূপায়ণ কৰাৰ চেষ্টা কৰক

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

এই পৃথিৱীত জন্ম গ্ৰহণ কৰা প্ৰতিজন মানুহে বিশেষ ক্ষমতা সপন্ন হয়। কাৰণ আমি সকলোৱেই জানো যে এই পৃথিৱীত মানুহ ৰূপী শৰীৰৰ সকলোৰে গা-গঠন একে হলেও আমি প্ৰতিজন মানুহৰ আঙুলিৰ চাপবোৰ বেলেগ বেলেগ ধৰণৰ হয়।অৰ্থাৎ আপুনি যিবোৰ দিশত বহু পাৰ্গত আছে, হয়তো আমি বহুতো মানুহে সেই দিশবোৰত একেবাৰে সামান্য পৰিমাণৰহে জ্ঞান আয়ত্ব কৰিবলৈ সক্ষম হৈছোঁ।এতিয়া কথা হল আপুনি নানান দিশত বহু জ্ঞান আয়ত্ব কৰি থব পাৰে নাইবা আপুনি একেবাৰে সামান্য কিছুমান দিশতে জ্ঞান আয়ত্ব কৰিবলৈ সক্ষম হৈছে।আচলতে এজন মানুহৰ জ্ঞান কম বা বেছিকৈ আহৰণ কৰাৰ জৰিয়তে এইটো কেতিয়াও নিৰ্ধাৰণ কৰাটো সম্ভব নহয় যে,ভবিষ্যতে গৈ কোনবোৰ মানুহ জীৱনত কিমান সিনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হব। কাৰণ জীৱনত সফলতা অৰ্জন কৰিবলৈ হলে বহু ডাঙৰ কিবা কিবি কৰাৰ কোনো প্ৰয়োজনে নাই। কাৰণ আমি জীৱনক লৈ বহু নানান ধৰণৰ চিন্তা-চৰ্চা কৰি থকাতকৈ আপোনাৰ যিটো দিশত জ্ঞান আছে তাকেই সুন্দৰতাৰ সৈতে ৰূপায়ণ কৰাৰ চেষ্টা কৰক।ইয়াৰ পৰবৰ্তী সময়ত আপুনি লাহে লাহে কৰি অন্যান্য সৰ্ব-সাধাৰণ মানুহৰ তুলনাত বহু আগুৱাই যোৱাটো আপুনি নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হব। আমি সাধাৰণতে কোনো এটা দিশত সামান্যা ধৰণৰ পৰিশ্ৰম কৰাৰ পিছত সেই কৰি থকা কৰ্মৰ পৰা বহুবাৰ হয়তো আতৰি আহিব লগীয়া হয় নহয়নে?অৰ্থাৎ আমি সকলোৱে কেৱল মাত্ৰ একেটা কথাকে বাৰে বাৰে ভুল কৰি থাকো যে,আমি নিজে নিজৰ যিবোৰ দিশক লৈ উচিত প্ৰতিভা আছে সেইটোৱেই নিৰ্ধাৰণ কৰি উলিয়াব নোৱাৰোঁ। ইয়াৰ ফলত আমি আনে কৰা দেখি নিজেও সেই কামবোৰতে জপিয়াই পৰোঁ। এনেধৰণৰ ভুল সিদ্ধান্তৰ জৰিয়তে আমি জীৱনত নিজে ভবা ধৰণৰ সফলতা অৰ্জন কৰিব নোৱাৰোঁ। কিন্তু জীৱনত সফলতা অৰ্জন কৰিবলৈ আমি সকলোৱে যিমান জটিল ভাবোঁ হয়তো সফলতা অৰ্জন কৰিবলৈ সিমানেই সহজ বুলি কব পাৰি । কেৱল মাত্ৰ আমি নিজ নিজ উচিত প্ৰতিভাবোৰ চিনাক্ত কৰি আমাৰ যিটো দিশত জ্ঞান আছে তাকেই সুন্দৰতাৰ সৈতে ৰূপায়ণ কৰাৰ চেষ্টা কৰিব লাগে ।কাৰণ এই সংসাৰখনত কোনো এজন মানুহে সৰ্বগুণ সম্পন্ন ব্যক্তি নহয়। আনহাতে এই সংসাৰত প্ৰতিজন মানুহৰে নিজস্ব একো একোটা দিশত বহু গুণসম্পন্ন ব্যক্তি। অৰ্থাৎ আপোনাৰ হাতত যি খিনি আছে মোৰ হাতত হয়তো সেইখিনি বস্তু নাথাকিব পাৰে আৰু মোৰ হাতত যি খিনি বস্তু আছে সেইখিনি আপোনাৰ হাতত নাথাকিব পাৰে।