আন্ধাৰবোৰ শিপাইছে – ইভা গন্ধীয়া ফুকন

PC - Pickpik
আন্ধাৰবোৰ শিপাইছে
 ইভা গন্ধীয়া ফুকন
বুকুত আৱাসিস্থ আপোচ হিংসা জ্বলাই
আন্ধাৰ বোৰ শিপাইছে
মানুহৰ মনবোৰ ?
মনবোৰ  সংকীৰ্ণ হৈছে
কুতুম্বৰ পৰা মিতিৰলৈ
উপত্যকাৰ পৰা  বিশ্বায়নেৰে
বটবৃক্ষ হৈ আগচিছে মোৰ চুবুৰী
লতাকটা ৰণেৰে
ৰক্তাক্ত পুৱা আবেলি মৰ্মাঘাত
নিগনি দৌৰত হৰা জিকাৰ খেল
অণুবীক্ষণিক সূচাংকেৰে তুলাচনীত প্ৰণয়ৰ ফাকু
বিদ্যুৎ প্ৰবাহৰ আবেশ নীতিৰে
আন্ধাৰক হত্যা কৰাৰ ব্যথা চেষ্টা
ঘৰৰ বৰ্হিভাগ উজ্বলিছে টুনি লাইটেৰে
ভিতৰ কোঠালি আন্ধাৰে থৈছে গিলি
বিশ্বৰ কালজয়ী গৱেষণাৰে সভ্যতাৰ পাৰ
আমি আছোঁ সৰল গণিতৰ পাকনিতে মজি
বাৰীৰ ঢাপত শেৱালি নে তগৰ
জাকি মাৰি উজাগৰী নক্ষত্ৰমণ্ডল
উজাগৰী হৃদয় স্পন্দন
আন্ধাৰবোৰ শিপাবলৈকে দিয়া
গতিবিধি লেখি , প্ৰতিলিপি আঁকি
সিহঁতেই ৰাতিটোৰ ভিতৰত পোহৰৰ গড় বান্ধিব  !