আন্তৰ্জাতিক নাৰী দিৱস বনাম বৈবাহিক ধৰ্ষণ
হিয়া দাস
শুৱালকুছি উত্তৰ সিদ্ধেশ্বৰ পাহাৰ
৮ মাৰ্চ, এই তাৰিখটো ‘আন্তৰ্জাতিক নাৰী দিৱস’ ( International women’s day ) হিচাপে সমগ্ৰ দেশত উদ্ যাপন কৰা হয়। উক্ত দিৱসৰ দিনা বিভিন্ন ক্ষেত্ৰত নিজ নিজ শক্তি আৰু সামৰ্থ্যৰে উজ্জ্বলি উঠা নাৰীসকলক উপযুক্ত সন্মান যাচি, তেওঁলোকৰ সাহস, সংগ্ৰাম আৰু সহিষ্ণুতাক সমাজৰ আগত তুলি ধৰা হয় ।
১৯০৮ চনৰ এটা দিনত আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ ৰাজপথলৈ ওলাই আহিছিল প্ৰায় ১৫ হাজাৰ মহিলা । তেওঁলোকৰ দাবী আছিল— নাৰীৰ বাবে স্বাধীনতা, সমতা, পুৰুষৰ সমান মজুৰি আৰু ভোটাধিকাৰৰ দাবী । উল্লেখনীয় যে ভাৰতীয় নাৰীয়ে ভোটাধিকাৰৰৰ বাবে কোনো সংগ্ৰাম কৰিবলগীয়া হোৱা নাছিল। কাৰণ ভাৰতীয় সংবিধানে ১৮ বছৰৰ ঊৰ্ধৰ সকলো পুৰুষ-নাৰীক ভোটাধিকাৰ প্ৰদান কৰিছিল। তাৰ এবছৰ পিছতেই ‘চ’চিয়েলিষ্ট পাৰ্টি ইন আমেৰিকা’ই এই দিনটো প্ৰথম ৰাষ্ট্ৰীয় মহিলা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ পৃষ্ঠপোষকতাও কিন্তু এগৰাকী মহিলাই কৰিছিল । তেওঁ হৈছে—‘ ক্লাৰা জেটকিন’ ( Clara Zetkin) ১৯১০ চনত কোপেনহেগেনত এখন আন্তঃৰাষ্ট্ৰীয় অধিৱেশনত তেওঁ শ্ৰমজীৱী মহিলাসকলৰ বাবে এটা দিন মহিলা দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ দাঙি ধৰে । সেই অধিৱেশনত ১৭ খন দেশৰ ১০০ গৰাকী মহিলাই অংশগ্ৰহণ কৰিছিল । ক্লাৰা জেটকিনৰ প্ৰস্তাৱটোৰ প্ৰতি তেওঁলোক সকলোৱে সমথৰ্ন জনাইছিল । পোন প্ৰথমে ১৯১১ চনত অষ্ট্ৰিয়া, ডেনমাৰ্ক, জাৰ্মানী আৰু ছুইডেনত ৰাষ্ট্ৰীয় মহিলা দিৱস পালন কৰা হৈছিল । ১৯৭৫ চনত ৰাষ্ট্ৰসংঘই ৮ মাৰ্চ তাৰিখ মহিলা দিৱসক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিছিল । যিহেতু ক্লাৰা জেটকিনে মহিলা দিৱস উদযাপন বাবে কোনো নিৰ্দিষ্ট তাৰিখৰ কথা উল্লেখ কৰা নাছিল । উল্লেখযোগ্য যে ১৯১৭ চনৰ বিশ্বযুদ্ধৰ সময়ত ৰুছৰ মহিলাসকল ঐক্যবদ্ধ হৈ খাদ্য আৰু শান্তিৰ বাবে দাবী কৰিছিল । মহিলাৰ সেই তীব্ৰ আন্দোলনে ‘সম্ৰাট নিকোলাছ’ক পদত্যাগ কৰিবলৈ বাধ্য কৰি দিছিল । পিছত পৰৱৰ্তী চৰকাৰে মহিলাক ভোটাধিকাৰ প্ৰদান কৰে । সেই সময়ত ৰুছত জুলিয়ান কেলেণ্ডাৰৰ প্ৰচলন আছিল । কিন্তু গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসৰি সেইদিনা ৮ মাৰ্চ আছিল সেয়ে প্ৰত্যেক বছৰৰ ৮ মাৰ্চৰ দিনটো আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ১৯৯৬ চনত প্ৰথমবাৰৰ বাবে এটা নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰত আন্তৰ্জাতিক নাৰী দিৱসৰ পৰম্পৰা আৰম্ভ হৈছিল । তেতিয়াৰে পৰা প্ৰতি বছৰে একোটা থীম বা বিষয়বস্তু মুকলি কৰা হয় আৰু সেই অনুসৰি বিভিন্ন অনুষ্ঠান আয়োজন কৰা হয় ।
২০২৩ চনৰ আন্তৰ্জাতিক নাৰী দিৱসৰ থীম বা বিষয়বস্তু হৈছে— ‘Gender equality programme in women’s day’
বিশ্বজুৰি চলি থকা অৰ্থনৈতিক আৰু আৰু সামাজিক অসমতাৰ ওপৰত ডিজিটেল লিংগ ব্যৱধানৰ প্ৰভাৱ বিচাৰ কৰা হ’ব । তাৰ লগতে নাৰী দিৱসত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত ডিজিটেল স্থানত নাৰীৰ অধিকাৰ সুৰক্ষিত কৰাৰ গুৰুত্ব, অনলাইন আৰু সকলো যোগাযোগৰ মাধ্যমৰ জৰিয়তে লিংগভিত্তিক হিংসাৰ কথা গুৰুত্ব প্ৰদান কৰি কাৰ্যসূচীসমূহৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।
ভাৰতবৰ্ষতো নাৰী দিৱসৰ তাৎপৰ্য আছেনে ?
সৃষ্টিকৰ্তাৰ অনুপম সৃষ্টি নাৰী । শক্তিস্বৰূপা, জগতী আদি শত নামেৰে বিভূষা সেই নাৰীক যদি কেতিয়াবা পৰীক্ষাৰ অজুহাতত অগ্নিৰ মাজলৈ ঠেলি দিয়া হৈছে, কেতিয়াবা ধৰ্ম ৰক্ষাৰ নামত পঞ্চ পতিৰ মাজলৈ, আকৌ কেতিয়াবা কাৰোবাৰ কামনাৰ অগ্নি প্ৰশমিত কৰিবলৈ পতিতালয়লৈ ঠেলি দিয়া হৈছে । বিজ্ঞান প্ৰযুক্তিৰ সফলতাৰ শীৰ্ষত আৰোহণ কৰাৰ এই সময়ত ভাৰতীয় নাৰী আজিও স্বতন্ত্ৰ নহয় । তেওঁলোক অনেক সমস্যাৰে ভাৰাক্ৰান্ত । অন্যায়, অবিচাৰ, পক্ষপাতপূৰ্ণ আচৰণৰ চিকাৰ হৈয়ো পৰিয়ালৰ বা সমাজৰ ভয়ত নীৰৱতাৰ আলম গ্ৰহণ কৰে । আজি উচ্চশিক্ষিত বহু নাৰী নিজ স্বামী, সন্তানৰ দ্বাৰা শোষিত, উৎপীড়িত । তেওঁলোকৰ মৌন হাহাকাৰ কোনেও শুনি নাপায়, বুজি নাপায় । মা দুৰ্গা, লক্ষ্মী, মহাকালী, সৰস্বতী, সীতা, দ্ৰৌপদী, সাৱিত্ৰী, বেউলা, সতী জয়মতী, ৰাণী লক্ষ্মীবাই, ৰেজিয়া চুলতানৰ প্ৰতিনিধি হৈয়ো নাৰীয়ে পাহৰি পেলায় নিজৰ শক্তি আৰু সামৰ্থ্যৰ কথা ।
ৰাষ্ট্ৰীয় অপৰাধ অভিলেখন সংস্থাৰ ( এন চি আৰ বি ) ২০১৯-২০ চনত চলোৱা এক সমীক্ষা অনুসৰি ভাৰতবৰ্ষত প্ৰতিদিনে ৯৯ শতাংশ ধৰ্ষণৰ দৰে জঘন্য অপৰাধ সংঘটিত হয় । যাৰ এটা অচৰ্চিত বিষয় হৈছে— বৈবাহিক ধৰ্ষণ, ( Marital rape ) ২০২২ ত ৰাষ্ট্ৰীয় অপৰাধ অভিলেখন সংস্থাই প্ৰকাশ কৰিছিল যে পঞ্জাবৰ ৭৬ শতাংশ পুৰুষে নিজৰ স্ত্ৰীৰ ওপৰত যৌন আতিশয্য চলোৱা কাৰ্যক তেওঁলোকৰ সম্পূৰ্ণ অধিকাৰ বুলি দাবী কৰে । একেদৰে জম্মু কাশ্মীৰত ৯৭ শতাংশ, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশত ৯৭ শতাংশ আৰু বিহাৰত সৰ্বাধিক ৯৮ শতাংশ বৈবাহিক বলাৎকাৰৰ ঘটনা সংঘটিত হয় । অথচ এনে অমানৱীয় ঘটনাক আশ্চৰ্যকৰভাৱে আজিও ভাৰতীয় দণ্ডবিধি আইনত অপৰাধ বুলি গণ্য কৰা নহয় ! নাৰীৰ ওপৰত হোৱা এনে শাৰীৰিক মানসিক উৎপীড়নক অপৰাধ বুলি ঘোষণা কৰে পোন প্ৰথমে ইউৰোপীয় দেশ পোলেণ্ডে ১৯৩২ চনত । তাৰপিছত ১৯৭০ চনৰ পৰা ১৯৯৩ চনৰ ভিতৰত আমেৰিকাৰ ৫০ খন দেশে এই ঘৃণনীয় কাণ্ডক অপৰাধ বুলি ঘোষণা কৰে । ১৯৮৪ চনত ইউৰোপীয় সাংসদে বৈবাহিক ধৰ্ষণক অপৰাধ ঘোষিত কৰে । ২০০২ চনত নেপালও এই কাণ্ডক অপৰাধ ঘোষিত কৰি উচিত শাস্তিৰ ব্যৱস্থা কৰে । আজি ৭৭ খন দেশে এই কাণ্ডক অপৰাধ বুলি কোৱাৰ বিপৰীতে ৩৪ খন দেশে ইয়াক কোনো অপৰাধ বুলি গণ্য নকৰে, য’ত ভাৰতো আছে । স্বামীয়ে কৰা ধৰ্ষণক ভাৰতত ধৰ্ষণ বুলি ধৰা নহয় ।
ভাৰতীয় দণ্ডবিধি আইনৰ অধিনিয়মৰ অন্তৰ্গত ৩৭৫.২ ধাৰাক ২০১৩ চনত অপসাৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে জাষ্টিচ বাৰ্মা কমিতিয়ে । তেওঁলোকৰ যুক্তি— ধৰ্ষণৰ ভিতৰত বৈবাহিক ধৰ্ষণ কোনো অপৰাধৰ শাৰীত নপৰে । সেই বিষয়ে যেতিয়া চুপ্ৰিম ক’ৰ্টক প্ৰশ্ন কৰা হৈছিল, উত্তৰত কৈছিল—‘ বৈবাহিক বলাৎকাৰক অপৰাধ বুলি ঘোষণা কৰাৰ কোনো প্ৰয়োজন নাই ।’ ২০১৭ চনত যেতিয়া কেন্দ্ৰীয় চৰকাৰক এই বিষয়ে জানিবলৈ বিচৰাত চৰকাৰেও কৈছিল— এনে ধৰ্ষণ কাৰ্যক অপৰাধ ঘোষিত কৰাৰ ফলত ভাৰতীয় সমাজ ব্যৱস্থা আৰু বিবাহ ব্যৱস্থাৰ পৰিণতি বিষম হৈ উঠিব পাৰে । অতীজৰে পৰা চলি অহা ভাৰতীয় পৰম্পৰাক বিনষ্ট কৰিব পাৰে তেনে এখন আইনে । উপযুক্ত শিক্ষা আৰু সজাগতাই এদিন নিশ্চয় লক্ষ লক্ষ ভাৰতীয় নাৰীকো সম্পূৰ্ণ, অধিকাৰ আৰু সুৰক্ষাৰ দাবীত ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য কৰিব ।
তথ্য সংগ্ৰহ— ইন্টাৰনেট