আন্তর্জাতিক নাৰী দিৱস আৰু কিছু উপলব্ধি
কবিতা শর্মা, নতুন দিল্লী
আজি আন্তর্জাতিক নাৰী দিৱস। প্ৰতি বছৰে সমগ্ৰ বিশ্বই ইংৰাজী আঠ মাৰ্চৰ এই দিনটো আন্তর্জাতিক নাৰী দিৱস হিচাপে পালন কৰি আহিছে। এতিয়া প্ৰশ্ন হয় দিৱসৰ প্ৰকৃত অর্থনো কি? কোনো এটা দিন বিশেষ ভাবে, বিশেষ উদ্দেশ্য লৈ কৰাটোৱেই নহয় জানো? বিশেষভাবে নাৰী দিবস উদ্যাপন কৰাটোৱে বাৰু কি সূচায়? নাৰী জাতি বিলুপ্তিৰ পথত, তাক সংৰক্ষণ কৰাৰ প্ৰয়োজন। এয়া নাৰী জাতিৰ প্ৰতি সন্মান, অপমান, নে জনজাগৰণৰ এক প্রচেষ্টা।
এখন সমাজ গঢ়ি উঠে পুৰুষ আৰু নাৰীৰ যৌথ প্ৰচেষ্টাত । ঠিক তেনেদৰে সমাজ খন সুন্দৰ ভাবে গঢ়ি তোলাৰ দায়িত্বও পুৰুষ আৰু নাৰী উভয়ৰে। অথচ জনাবুজা হোৱাৰ দিনৰে পৰা দেখি আহিছো কেনেদৰে নিজক মানুহ হিচাপে পৰিচয় দিয়াৰ ক্ষেত্ৰত নাৰীয়ে পদে পদে সমস্যাৰ সন্মুখীন হৈ আহিছে। বৰ্তমানৰ সমাজত নাৰীৰ অৱস্থা দেখি শংকিত হৈ পৰো ভবিষ্যত প্ৰজন্মৰ কথা ভাবি। লাহে লাহে উপলব্ধি হৈছে যে সমাজত নাৰীক অবনমিত কৰি ৰখাৰ এই মনোবৃত্তি একেদিনাই গঢ় লৈ উঠা নাই। যুগ যুগ ধৰি নাৰীক দমন কৰাৰ নৱ নৱ নীতি – নিয়মৰ সৃষ্টি হৈয়েই আছে। আমাৰ দেশতো প্ৰতি বছৰে নাৰী দিৱস উদযাপিত হৈ আহিলেও আমাৰ সমাজত নাৰী নিৰ্যাতনৰ নিৰ্মম ছবি এখনহে প্রতিফলিত হৈ আহিছে। আজি একবিংশ শতিকাতো নাৰী সুৰক্ষিত নহয়। প্রতিদিনে সংঘটিত হৈ থকা নাৰী নিগ্ৰহৰ ঘটনাই সকলো বিবেক সম্পন্ন মানুহৰ মনত আঘাত হানিছে। আজিও ঠায়ে ঠায়ে ব্যাপক হাৰত ঘটি থকা অপহৰণ, ধৰ্ষণ, যৌতুক দাবী, কন্যা ভ্রুণ হত্যা, ডাইনী সন্দেহত হত্যা, নাৰী সৰবৰাহ, নাৰী দেহৰ ব্যৱসায়, বাল্য বিবাহ আদি নাৰী নিৰ্যাতনৰ ঘটনাই আমাৰ সমাজৰ প্ৰকৃত ছবি খন নির্লজ্জ ভাবে উন্মুক্ত কৰিছে। আনহাতে নাৰী সুৰক্ষাৰ বাবে থকা আইনী ব্যৱস্থাবোৰ নাৰী সম্পৰ্কীয় অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ৰূপে ব্যর্থ হৈছে। অপৰাধীৰ শাস্তিৰ ব্যৱস্থা ৰাজহুৱা নোহোৱা, অপৰাধী আইনী সুৰুঙাৰে মুকলি আকাশৰ তলত ওলাই অহা আদিয়ে অপৰাধীক নাৰীৰ সম্পৰ্কীয় অপৰাধ বাৰে বাৰে কৰিবলৈ সাহসী কৰি তুলিছে। ভাৰতৰ অপৰাধ শাখাৰ মতে দেশত পঞ্জীয়ন হোৱা অপৰাধবোৰৰ শতকৰা পাচভাগ অপৰাধীয়েহে শাস্তি পায়। অর্থাৎ শতকৰা পচানব্বৈ ভাগ অপৰাধীয়ে শাস্তি নোপোৱাকৈয়ে সাৰি যায়।
আন এচাম এনে অপৰাধীও আছে যি সমাজত নিজকে শিক্ষিত ভদ্রলোেক দেখালেও পত্নীকে ধৰি আন মহিলাসকলৰ ওপৰত নানা ধৰণে শাৰীৰিক আৰু মানসিক নির্যাতন চলাই। বর্তমান বিভিন্ন “মিডিয়া” যোগে শিক্ষাগুৰুৱে গৱেষক ছাত্ৰীৰ ওপৰত বা শিশুকন্যা সকল নিজ গুৰু বা কিছু পাষান পুৰুষৰ হাতত যৌন তথা মানসিক অত্যাচাৰৰ চিকাৰ হৈ আহিছে। কোনো নাৰীক প্রলোভন দি বা ভীতি গ্রস্ত কৰি সৰ্বস্ব লুট কৰাৰ চেষ্টা কৰা আমাৰ তথাকথিত শিক্ষিত সমাজখনৰ বাবে অতি লজ্জাজনক কথা। এনে ঘৃণনীয় সত্যতা সাহসেৰে উপস্থাপন কৰিবলৈ ভুক্তভোগীসকল আগবাঢ়ি অহাটো নিত্যান্তই প্ৰয়োজনীয়। আমাৰ পুৰুষপ্রধান সমাজত মহিলা সকল সততে সন্মুখীন হোৱা আন এবিধ অত্যাচাৰ হ’ল – ক্ৰোধৰ অত্যাচাৰ। ই পৰিয়ালেই হওক বা অফিচ কাছাৰীয়েই হওক বা যিকোনো অনুষ্ঠান প্রতিষ্ঠানেই হওক ক্রোধত আক্রান্ত ব্যক্তিয়ে পাহৰিয়ে পেলাই যে ক্রোধ মানুহৰ এক কু – অভিব্যক্তি। ইয়াৰ পৰিনামতে অনেক নঘটিব লগীয়া ঘটনা বা কোনো কোনো ক্ষেত্ৰত কিছুমান ঘৃণনীয় আৰু অক্ষমণীয় অপৰাধো সংঘটিত হৈ উঠে। মনোবিশেষজ্ঞই ক্রোধক এক মানসিক ৰোগ আখ্যা দিছে। ক্রোধে কেবল সমাজতে নহয় পাৰিবাৰিক জীৱনতা অশান্তি নমাই আনে। ক্রোধৰ সলনি শান্তিপূর্ণ ভাবে আলোচনাৰ মাজেৰে যি কোনো সমস্যাৰ সমাধান কৰিব পৰা যায়।
আচলতে নাৰী নিৰ্যাতৰ এই অৱস্থাটোৰ বাবে দায়ী অতীতৰ পুৰুষতান্ত্রিক ব্যৱস্থাটোৱেই যে তাত কোনো সন্দেহ নাই। শাৰীৰিক দুৰ্বলতাৰ অজুহাতত নাৰীৰ ওপৰত ইতিমধ্যেই কিমান “নিষেধ” আৰোপ কৰা হৈছে তাক সচেতন মহলে ভালদৰে জানে। সমান প্রতিভা আৰু নানা গুণৰ অধিকাৰী হোৱা স্বত্বেও নাৰী কেনেকৈ বঞ্চিত হৈ আহিছে সেই কথা ভুক্তভোগী সকলৰ হৃদয়ত চকুলোৰে লিখা আছে। শাৰীৰিক ভাবে পুৰুষৰ সমান নহলেও মানসিক ভাবে যে নাৰী পুৰুষৰ সমান বা তাতকৈও বেছি তাত কোনো সন্দেহ নাই। নাৰী পুৰুষৰ লিংগ প্রভেদকাৰী ক্ৰম’জমে যে প্রতিভা নির্ণয় নকৰে সেই তথ্যও বিজ্ঞানভিত্তিক। কিন্তু সমস্যা হৈছে নাৰী নিজেই নিজৰ সামর্থ্যৰ বিষয়ে নজনা আৰু জনাসকলো সচেতন নোহোৱা টোহে। আটাইতকৈ দুখৰ বিষয় যে নাৰী মুক্তিৰ বাবে এচাম নাৰীয়ে তেজক পানী কৰি পৰিশ্ৰম কৰাৰ বিপৰীতে আন এচামে মুক্তি বা স্বাধীনতাৰ অৰ্থ শুদ্ধভাবে হৃদয়ঙ্গম কৰিব নোৱাৰি ইয়াৰ অপব্যৱহাৰ কৰিছে। নাৰীৰ হাতত নাৰী উৎপীড়িতা হোৱা ঘটনাও কম নহয়। আমি নাৰীসকলে সুৰক্ষা বিচাৰো ঠিকেই কিন্তু আমিয়েই কেতিয়াবা নাৰীক অসুৰক্ষিত অৱস্থালৈ ঠেলি দিওঁ। এচাম নাৰীয়ে নাৰীক দোষী সাব্যস্ত কৰি আইন হাতত তুলি লোেৱাও দেখা যায়।এই কথা স্পষ্ট যে নাৰী মুক্তিৰ অৰ্থ পুৰুষক তলত ৰখাটো কেতিয়াও নহয়। ইয়াৰ সহজ অর্থ সম অধিকাৰহে। এই কথা স্বীকাৰ কৰিবই লাগিব যে আজি বহু নাৰীৰ মাজত সচেতনতাৰ যি বীজ অঙ্কুৰিত হৈছে তাত সহায় কৰা সকল কিন্তু একো একোজন পুৰুষহে আছিল। অসমৰ আনন্দৰাম ঢেকীয়াল ফুকন, গুণাভিৰাম বৰুৱাৰ দৰে সৰ্বভাৰতীয় ক্ষেত্ৰত ৰাজা ৰামমোহন ৰায়, মহাত্মাগান্ধী, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, স্বামী বিবেকানন্দৰ দৰে মহাপুৰুষৰ প্ৰচেষ্টাতহে নাৰী মুক্তি আন্দোলনে গতি লাভ কৰিছে। আজিৰ মহিলা সকলে সমাজৰ সকলো দিশত আগবাঢ়ি গৈ সমাজত এখন সুকীয়া আসন গ্রহণ কৰিবলৈ সক্ষম হৈছে। জ্ঞান-বিজ্ঞান, কলা -সংস্কৃতি, প্রযুক্তি বিদ্যা, ৰাজনীতি আদিতো নাৰী পাছ পৰি থকা নাই। দেশৰ সকলো প্রতিযোগিতা মূলক বিষয়ত আগভাগ লৈছে। কৃতকার্য্যও হৈছে । আনকি পর্বত বগোেৱা, যুজাঁৰু বিমান চলোৱা, মহাকাশ যাত্রাত অংশ গ্রহণ কৰা আদি সকলো দিশতে নাৰীসকলে অগ্রাধিকাৰ পাইছে যেতিয়া তেনে ক্ষেত্রত এই প্রশ্ন সততে উঠিব পাৰে যে নাৰী দিবস বা নাৰী সবলীকৰণৰ প্ৰয়োজননো ক’ত? কিন্তু কথা হ’ল সমাজৰ মুষ্টিমেয় নাৰী শিক্ষা- দীক্ষাত আগবাঢ়ি গ’লেই সামগ্রিক ভাবে আগবাঢ়ি যোৱা নুবুজায়। যিখন দেশৰ নাৰী ৰাষ্ট্ৰপতি, প্রধানমন্ত্রী, কেন্দ্রীয় মন্ত্ৰী, লোেক সভাৰ অধ্যক্ষা, মুখ্যমন্ত্ৰী, ৰাজ্যপালকে আদি কৰি বিভিন্ন বিভাগৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে সেইখন দেশৰ অঞ্চল বিশেষে এতিয়াও নাৰীয়ে নাজানে স্বাধীনতা কি, পৰাধীনতাই বা কি, স্ত্রী শিক্ষা কি, বা কিয় ছোৱালীয়ে শিক্ষা গ্রহণ কৰিব লাগে।বর্তমান ল’ৰাতকৈ ছোৱালীক শিক্ষা দানৰ ক্ষেত্ৰত কম গুৰুত্ব দিয়া পুৰণিকলীয়া চিন্তাৰ কিছু সলনি হৈছে যদিও তাৰ অৱশেষে সময়ে সময়ে নাৰীৰ অগ্ৰগতিৰ বাটত হেঙাৰ সৃষ্টি নকৰাকৈ থকা নাই। অর্থবান, মধ্যবিত্ত সমাজৰ নাৰীৰ মাজত শিক্ষিতাৰ সংখ্যা বাঢ়িছে কিন্তু নিম্নবিত্ত দুখীয়া সকলৰ মাজত শিক্ষা সম্পূর্ণ নকৰা সকলৰ সংখ্যা অধিক। নতুন শিক্ষানীতি, সর্বশিক্ষা মিছন অভিযান আদিৰ জৰিয়তে শিক্ষা ব্যৱস্থা, পাঠ্যক্ৰম, মূল্যায়নৰ ক্ষেত্ৰত নতুন ৰূপদানৰ প্রচেষ্টা লোৱা হৈছে যদিও নাৰী শিক্ষাৰ সামগ্রিক ছবিখন উন্নীত হোৱা নাই। আনহাতে মহিলা কল্যাণৰ বাবে চৰকাৰে যি যি কৰিছে শিক্ষাৰ অভাবতে সেইবোৰ সফল হব পৰা নাই। নাৰীৰ উন্নতি মাথোঁ তেতিয়াহে সম্ভব হব যেতিয়া তেওঁলোকক শিক্ষিত কৰি তোলা হব। শিক্ষাহে একমাত্র অস্ত্ৰ যি নাৰীক মুক্তি প্ৰদান কৰিব পাৰে। সামগ্রিক ভাবে এখন দেশ বা সমাজ আগবাঢ়িবলৈ হলে -গাৱৰ চুকে-কোণে নিষ্পেষিতা হৈ পৰি থকা মহিলা সকলৰ পৰা সকলো পৰ্যায়ৰ সকলো মহিলাই সামাজিক, ৰাজনৈতিক, অর্থনৈতিক সকলো দিশতে অগ্ৰসৰ হব লাগিব। দেশৰ বা জাতিৰ উন্নতিৰ সংজ্ঞা দিবলৈ হলে আব্দুল কালামৰ কথাৰেই কব লাগিব- যিহেতু মহিলাৰ প্ৰমূল্যবোধে পৰিয়াল, ভাল সমাজ আৰু ৰাষ্ট্ৰ গঢ়ি তোলে সেই নিমিত্তে তেওঁলোকৰ কর্মসংস্থাপন হোৱাটো অত্যন্ত জৰুৰী। ড° সৰ্বপল্লী ৰাধা কৃষ্ণণেও কৈছে – মহিলা সকলে পুৰুষৰ দৰে সৰ্বাত্মক বিকাশৰ বাবে দাবী কৰাৰ অধিকাৰী। এখন সমাজৰ সাংস্কৃতিক আৰু আধ্যাত্মিক প্রকৃত মূল হৈছে – সেই সমাজৰ নাৰী সকল। সেয়ে নাৰী সকলেও সমাজৰ গুৰুত্ব উপলব্ধি কৰি নাৰী সত্ত্বা ৰক্ষা কৰিবলৈয়ো সচেষ্ট হব লাগিব ।নাৰী দিবস মান মাত্র এটা দিন নহয়। প্রতিদিনৰ সন্মান। কেইজনমানে হাতত পোেষ্টাৰ লৈ মিছিল কৰি মোমবাতি জ্বলাই নাৰী নিৰ্যাতনৰ ঘটনাক বাধা দিব পৰা নাই আৰু ভবিষ্যতেও নোৱাৰে ।টিভিৰ পৰ্দাত চোকাচোকা বক্তৃতা দিও সমস্যাৰ সমাধান নহয়। লাগে শিক্ষা সচেতনতা, মানসিক বিকাশ। এতিয়া নাৰী পুৰুষৰ মাজত প্রতিযোগিতা কৰা সময় নহয়। সহযোগিতাৰে আগবঢ়াৰহে সময়। পুৰুষ স্বয়ংসম্পূর্ণ নহয়। নাৰীও নিজে নিজে পূৰ্ণ নহয়। নাৰী বা পুৰুষ ইজন আনজনৰ পৰিপূৰক। নাৰী আৰু পুৰুষৰ মিলনতে প্রাণ পায় উঠে সৃষ্টিৰ এই প্ৰক্ৰিয়া। গতিকে কোনেও কাৰো গালৈ বোকা নছটিয়াই সুস্থ আলোচনাৰে যদি সমস্যাবোৰ সমধান কৰাৰ চেষ্টা কৰে তেতিয়াহে মানুহ হৈ জন্ম হোৱাৰ সার্থকতা পাব। সিদিনাৰ পৰাই পৃথিৱীয়ে কদর্যতাৰ কালিমা ধুই নিকা জীৱনৰ জয়গান গাব। কোনো নাৰীবাদৰে প্ৰয়োজন নহব। সকলোকে নাৰী দিবসৰ অভিনন্দন জনালোঁ। প্ৰতিগৰাকী নাৰীয়েই হওক সমাজ আৰু জাতিৰ ধৰণীস্বৰূপ তাৰেই কামনাৰে।