আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ডেল ষ্টেইনৰ
অনলাইন বাৰ্ত্তাসেৱা- দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ ডেল ষ্টেইনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। ইয়াৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ এক বৰ্ণিল অধ্যায়ৰ সমাপ্তি ঘটে। ৩৮ বৰ্ষীয়া ষ্টেইনে ১৭ বছৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সৈতে জড়িত হৈ আছিল। ডেল ষ্টেইনে দক্ষিণ আফ্ৰিকাক ৯৩খন টেষ্টত প্ৰতিনিধিত্ব কৰিছিল। ২০০৪ চনত পʼৰ্ট এলিজাবেথত ইংলেণ্ডৰ বিৰুদ্ধে নিজৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আৰম্ভ কৰিছিল খেলুৱৈগৰাকীয়ে। কেৰিয়াৰ ৯৩ খন টেষ্টত অংশ লৈ তেওঁ ৪৩৯ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। ভাৰতৰ বিৰুদ্ধে তেওঁৰ টেষ্টত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ভাৰতৰ। ২০১০ চনত নাগপুৰত টেষ্টখনত তেওঁ ভাৰতৰ ৭ জন বেটছমেনক আউত কৰিবলৈ সক্ষম হৈছিল। ২০০৫ চনৰ এদিনীয়াত আত্মপ্ৰকাশ কৰি তেওঁ ১৯৬টা উইকেট দখল কৰে।
(RT)