আনুষ্ঠানিকভাবে উদ্বোধন হ’ল মালিগাঁৱৰ উৰণসেতু

আনুষ্ঠানিকভাবে উদ্বোধন হ’ল মালিগাঁৱৰ উৰণসেতু

ৰঙিলী বাৰ্ত্তাসেৱা- আনুষ্ঠানিকভাবে উদ্বোধন হ’ল মালিগাঁৱৰ উৰণসেতু।ৰাইজৰ বাবে আনুষ্ঠানিকভাবে এই সেতু মুকলি কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, নীলাচল সেতু নামেৰে নামাকৰণ কৰি মুকলি কৰা হৈছে সেতুখন। এই সেতুৰ কাম বিগত ৩ বছৰ ৬ মাহ ধৰি চলি আহিছিল। সেতুখনৰ দৈৰ্ঘ ২.৬ কিলোমিটাৰৰ। ৰামধেনু আকৃতিৰ নিৰ্মাণ কৰা সেতুখনত থাকিব তিনিআলি জংচনত পৃথিৱীৰ গ্লৱ। সেতুখনৰ চাৰিওফালে অসমৰ সমাজ জীৱনক প্ৰতিনিধিত্ব কৰা বিভিন্ন ছবি অংকন কৰাৰ বিপৰীতে সেতুখনৰ তলৰ খুঁটাসমূহত অসমৰ সাজ-পোছাক, বাদ্যযন্ত্র, অৰণ্যৰ দৃশ্য অংকন কৰা হৈছে।