আদৰণি- অনামিকা (সংগীতা)কলিতা

Pc- daneelyunus

আদৰণি

অনামিকা (সংগীতা)কলিতা ,শুৱালকুছি

আদৰণি জনাইছোঁ তোমাক
শতবাধা নেওঁচি
শুভ্ৰতাৰ আচঁল খন
উৰি আহিছে
২০২৪ নৱবৰ্ষ ।
হেপাঁহেৰে আকোৱালি লৈ
আপোনজন সৈতে
খোজ পেলাম।
আশাৰে বাট চালো
হেঙুলী সূৰুযৰ ৰাঙিলী
আভাই সকলোৰে বাবে
কঢ়িয়াই আনক
সুখৰ বতৰা।