আদ্যৰ উদ্যোগত চাইবাৰক্ৰাইম বিষয়ক অনলাইন আলোচনাচক্ৰ সম্পন্ন

Pc NDTV.com

আদ্যৰ উদ্যোগত চাইবাৰক্ৰাইম বিষয়ক অনলাইন আলোচনাচক্ৰ সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা-  ডিজিটেল যুগত ক্ৰমাত বৃদ্ধি পাই অহা চাইবাৰক্ৰাইমে সাধাৰণ ৰাইজক অতিষ্ঠ কৰি তুলিছে৷ইণ্টাৰনেটৰ বহুল প্ৰচলনে যিদৰে ৰাইজক উপকৃত কৰিছে সেইদৰে কিছুমান কথা নজনাৰ বাবে ৰাইজে অসুবিধাও ভুগিছে৷ এই অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক চাইবাৰজনিত অপৰাধৰ বিষয়ে সজাগ কৰি তুলিবলৈ “আদ্য চছাইটি ইনষ্টিটিউট ফৰ মেনেজমেণ্ট এণ্ড লিগেল ষ্টাডিজে” ”চড্‌বা ইনষ্টিটিউট অব্‌ টেকন’লজি”ৰ আৰু ’চিচিএঅ’আই” (CCAOI)ৰ সহযোগত আজি অনলাইন মাধ্যমৰে আয়োজন কৰে “চাইবাৰক্ৰাইম এণ্ড দ্যা এক্সাইটিং ৰেগুলেটৰি লেণ্ডস্কেপ ইন্‌ ইণ্ডিয়া” শীৰ্ষক এখন অনলাইন আলোচনাচক্ৰ (ৱেবিনাৰ)৷ এই অনলাইন আলোচনাচক্ৰ খনত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰি অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া (অধীক্ষক, যোগাযোগ)বিৰাজ দাস,এছ এ এমৰ জ্যেষ্ঠ সহযোগী শান্তনু মাথুৰ, সামাজিক মাধ্যম প্ৰশাসনৰ কৰ্মী মালবিকা ৰাজকুমাৰ, গ্ৰেড এছ প্ৰাইভেট লিমিটেডৰ সদস্য ৰাহুল শৰ্মা আৰু ইকিগাই ল’ ৰ বিজয়ান্ত সিঙে বক্তব্য প্ৰদান কৰে৷ অনলাইন আলোচনাচক্ৰখনত আদৰণি ভাষণ আগবঢ়ায় আদ্য চছাইটিৰ প্ৰতিষ্ঠাপক সঞ্চালক তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিৱক্তা মিতালী দুৱৰাই৷ৱেবিনাৰখনত চি চি এ অ’ ৱাই ৰ সঞ্চালক অমৃতা চৌধুৰীয়ে ভাৰতৰ তথ্যপ্ৰযুক্তি আইন ২০০০ আৰু ডিজিটেল ভাৰত আইন (DIA)খনৰ বিষয়ে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ ভাৰততে আলোচনা হোৱাৰ পোষকতা কৰে৷আদ্য চছাইটিৰ প্ৰণামী গোস্বামীয়েও এই আলোচনাচক্ৰত অংশ গ্ৰহণ কৰি মন্তব্য আগবঢ়ায়৷ উল্লেখ্য যে চি চি এ অ’ ৱাই এনে এটা সংস্থা যিয়ে ইণ্টাৰনেট সম্বন্ধীয় প্ৰশাসনিক বিষয় আৰু ডিজিটেল পলিচিৰ বিষয়ত কাম কৰে৷সেইদৰে আদ্য চছাইটিয়ে শৈক্ষিক -সামাজিক-আইনসংগত বিষয়সমূহৰ উন্নয়নৰ বাবে বিভিন্ন সজাগতামূলক কাম কৰি আহিছে৷ অমৃতা চৌধুৰীয়ে আঁতধৰা আজিৰ অলোচনাচক্ৰ খনত এন ই এফ আইন মহাবিদ্যালয়ৰ সঞ্চালক ড° জাকিৰ হুছেইন,ৰয়েল গ্ল’বেল আইন আৰু প্ৰশাসনীয় বিদ্যালয়ৰ অধ্যাপক তথা ডীন ড° ভুৱন চন্দ্ৰ বৰুৱা, ইউ এচ টি এমৰ ডীন ড° বাহাৰুল ইছলাম ,জে বি আইন মহাবিদ্যালয়ৰ অধ্যক্ষ মালবিকা তালুকদাৰ,দিছপুৰ আইন মহাবিদ্যালয়ৰ অধ্যক্ষ গাৰ্গী দত্ত , গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ ড° কবিতা জৈন,নগাওঁ আইন মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে অসমৰ বিভিন্ন আইন মহাবিদ্যালয়ৰ বহুকেইগৰাকী অধ্যক্ষ- অধ্যাপকে সহযোগিতা আগবঢ়ায়৷