আটলান্টিক চহৰত মহাত্মা গান্ধী সংগ্ৰহালয় মুকলি

Pc Editorji

আটলান্টিক চহৰত মহাত্মা গান্ধী সংগ্ৰহালয় মুকলি

ৰঙিলী বাৰ্ত্তাসেৱা-  আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টিক চহৰত মহাত্মা গান্ধীৰ জীৱনৰ প্ৰতি সমৰ্পিত এটা সংগ্ৰহালয় মুকলি কৰা হৈছে।আটলাণ্টিক চহৰত মুকলি কৰা এই সংগ্ৰহালয়টোত শিল্পকলা আৰু ডিজিটেল ডিচপ্লে স্ক্ৰীণ আছে, যিবোৰে ইন্টাৰেক্টিভ আৰু দৰ্শনাৰ্থীসকলক শান্তিৰ পথ প্ৰদৰ্শকৰ লগতে জীৱনৰ ঘটনাবোৰ নিচেই কাষৰৰ পৰা চাবলৈ সক্ষম হ’ব। এই সংগ্ৰহালয় উদ্বোধনী অনুষ্ঠানত নিউয়ৰ্কত ভাৰতৰ কনচুল জেনেৰেল ৰন্ধিৰ জয়ছোৱালৰ সৈতে বিশিষ্ট ভাৰতীয়-আমেৰিকান সম্প্ৰদায়ৰ সদস্যসকল উপস্থিত থাকে।  নিউ জাৰ্চী-ভিত্তিক গান্ধীবাদী সমাজৰ দ্বাৰা আদিত্য বিৰলা গোটৰ অংশীদাৰীত্বত এই সংগ্ৰহালয়টো স্থাপন কৰা হৈছে।