আঞ্চলিক পশুধন উদ্যমিতা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান, ৰাণীত ক্ষেত্র সহায়কৰ এবছৰীয়া প্ৰশিক্ষণ পাঠ্যক্ৰমৰ শুভাৰম্ভ

আঞ্চলিক পশুধন উদ্যমিতা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান, ৰাণীত ক্ষেত্র সহায়কৰ এবছৰীয়া প্ৰশিক্ষণ পাঠ্যক্ৰমৰ শুভাৰম্ভ

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  কামৰূপ জিলাৰ ৰাণীত থকা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আঞ্চলিক পশুধন উদ্যমিতা আৰু ব্যৱস্থাপনা প্রতিষ্ঠানত ক্ষেত্ৰ সহায়কৰ এবছৰীয়া প্রশিক্ষণ পাঠ্যক্ৰমৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি পশুপালন আৰু পশুচিকিৎসা মন্ত্ৰী অতুল বৰাই মন্তব্য কৰে যে, ৰাজ্যৰ কৃষিভিত্তিক অর্থনীতিক শক্তিশালী কৰি তুলিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৃষি পশুপালন তথা আনুষংগিক খণ্ডসমূহৰ বিকাশত গুৰুত্ব আৰোপ কৰিছে। এনে গুৰুত্বৰ অংশ হিচাপেই পশুপালন বিভাগটোক দক্ষ মানব সম্পদৰ নিযুক্তিত গুৰুত্ব দিয়া হৈছে। মন্ত্ৰী বৰাই তেওঁৰ ভাষণত কয় যে, শেহতীয়াভাৱে পশুপালন খণ্ডই ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকলক স্ব নিৰ্ভৰশীলতাৰ নিৰ্ভৰযোগ্য উৎস হিচাপে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই পশুপালকসকলক উন্নত কাৰিকৰী জ্ঞানেৰে সমৃদ্ধ কৰি পশুপালন খণ্ডটোক সঠিক দিশেৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত বিভাগৰ ক্ষেত্ৰ সহায়কসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ থল আছে। উল্লেখযোগ্য যে, পশুপালন বিভাগে মুঠ ৩৭৮ গৰাকী পশুপালন ক্ষেত্র সহায়ক নিৰ্বাচন কৰি ইয়াৰ ভিতৰৰ দুশ গৰাকীক ৰাণীৰ পশুধন উদ্যমিতা আৰু ব্যৱস্থাপনা প্রতিষ্ঠানত আজিৰে পৰা এবছৰীয়া প্ৰশিক্ষণ পাঠ্যক্ৰম আৰম্ভ কৰিছে। পশুপালনৰ ক্ষেত্ৰ সহায়কসকলক পশুপালন বিভাগৰ মেৰুদণ্ড বুলি অভিহিত কৰি পশুপালন মন্ত্ৰীগৰাকীয়ে প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণৰ অন্তত চৰকাৰৰ পৰিকল্পনাক বাস্তব ৰূপ দিয়াৰ বাবে নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায়। সভাত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, অসম হাঁহ-কুকুৰা আৰু পশুধন উন্নয়ন নিগমৰ অধ্যক্ষ মনোজ শ‍ইকীয়া, পশুপালন বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লিকাৰ, বিভাগটোৰ সঞ্চালক ইন্দিৰা কলিতা, যুটীয়া সঞ্চালক অঞ্জনাভ চলিহা, দুগ্ধ উন্নয়ন সঞ্চালক উৎপল শৰ্মা, পশুধন-উদ্যমিতা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ সঞ্চালক ড° নৃত্য নাৰায়ণ মহন্ত উপস্থিত থাকে।