আঞ্চলিক চৰকাৰী ভাষা সমাৰােহ আৰু বঁটা প্রদান অনুষ্ঠান সম্পন্ন 

আঞ্চলিক চৰকাৰী ভাষা সমাৰােহ আৰু বঁটা প্রদান অনুষ্ঠান সম্পন্ন 

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰত চৰকাৰৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সচিব (চৰকাৰী ভাষা) অংশুলী আর্যাৰ অধ্যক্ষতাত আজি ডিব্ৰুগড়ত কেন্দ্রীয় চৰকাৰী কার্যালয়, বেংক আৰু ৰাজহুৱা প্রতিষ্ঠানৰ বাবে কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ অধীনস্থ চৰকাৰী ভাষা বিভাগে আয়ােজন কৰা যুটীয়া আঞ্চলিক চৰকাৰী ভাষা সমাৰােহ আৰু বঁটা প্রদান অনুষ্ঠান অনুষ্ঠিত হয়। চৰকাৰী ভাষা বিভাগৰ যুটীয়া সচিব ড° মিনাক্ষী জলী, বি চি পি এলৰ পৰিচালন সঞ্চালক তথা ডিব্ৰুগড়ৰ নগৰ চৰকাৰী ভাষা প্রয়ােগ সমিতিৰ অধ্যক্ষ ৰীপ হাজৰিকা, ইউকো বেংকৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া তথা কলকাতাৰ নগৰ চৰকাৰী ভাষা প্রয়ােগ সমিতি (বেংক)ৰ অধ্যক্ষ অতুল কুমাৰ গােৱেল, ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিত পেগু, চৰকাৰী ভাষা বিভাগ (প্রয়ােগ)ৰ সঞ্চালক বি এল মীনা আৰু বিভাগীয় সঞ্চালক (প্রশাসন) মােহন লাল ৱাধৱানিৰ লগতে পূব আৰু উত্তৰ-পূর্বাঞ্চলৰ বিভিন্ন কার্যালয়ৰ বিষয়াসকলে এই অনুষ্ঠানত অংশগ্রহণ কৰে। 

অংশুলী আর্যাই তেওঁৰ ভাষণত কয় যে সংবিধানে আমাক চৰকাৰী ভাষাৰ ক্ষেত্ৰত সাংবিধানিক দায়িত্ব প্রদান কৰিছে আৰু এইসমূহৰ পালন নিশ্চিত কৰিবলৈ চৰকাৰী ভাষা বিভাগক দায়িত্ব দিছে। ভাৰতৰ প্রধানমন্ত্রীয়ে নিজে হিন্দীত বক্তব্য ৰাখে আৰু কেন্দ্রীয় গৃহমন্ত্ৰীয়ে চৰকাৰী কার্য সম্পাদনত হিন্দী ভাষা ব্যৱহাৰ কৰে। তেওঁ লগতে কয় যে বর্তমান সময়ত হিন্দী ভাষাক প্রযুক্তিৰ সৈতে জড়িত কৰা অতি প্রয়ােজন আৰু চৰকাৰী ভাষা বিভাগে ইয়াৰ বাবে নিৰন্তৰ প্রচেষ্টা অব্যাহত ৰাখিছেতেওঁ লগতে অৱগত কৰে যে বাৰাণসীত সর্বভাৰতীয় চৰকাৰী ভাষা সমাৰােহত কেন্দ্রীয় গৃহমন্ত্ৰীয়ে প্রকাশ কৰা ইচ্ছা অনুসৰি মানুহে সাধাৰণতে ব্যৱহাৰ কৰা হিন্দী শব্দ আৰু আঞ্চলিক ভাষাৰ এখন বৃহৎ অভিধান প্রণয়ন কৰা ‘ব। 

আর্যই লগতে কয় যে সকলাে ভাৰতীয় ভাষা আৰু সৰু-ডাঙৰ কথিত ভাষাই আমাৰ সাংস্কৃতিক ঐতিহ্য। আমাৰ ঐতিহ্য সচেতনতাৰে সুৰক্ষিত কৰাতাে প্রতিগৰাকী ভাৰতীয়ৰ কর্তব্য। ভাৰতৰ গৰিমা ৰক্ষাৰ বাবে হিন্দী আৰু ভাৰতীয় ভাষাসমূহৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে ফলপ্রসূ পদক্ষেপ গ্রহণ কৰা প্রয়ােজন। তেওঁ লগতে কয় যে আঞ্চলিক চৰকাৰী ভাষা সমাৰােহসমূহে দেশৰ সংস্কৃতি হৃদয়ংগম কৰাত সহায় কৰে। 

এই অনুষ্ঠানত ভাষণ প্রদান কৰি যুটীয়া সচিব (চৰকাৰী ভাষা) ড° মিনাক্ষী জলীয়ে কয়, “উত্তৰ-পূব ভাৰতৰ এখন প্রধাচহৰ ডিব্ৰুগড়ত আজি আঞ্চলিক চৰকাৰী ভাষা সমাৰােহ অনুষ্ঠিত হােৱাৰ বাবে মই সুখী হৈছােভাষণ প্রসংগত তেওঁ কয় যে হিন্দী সমগ্র দেশৰে ৰাইজৰ ভাষা আৰু উত্তৰ-পূবাঞ্চলৰ স্থানীয় বাসিন্দাসকলৰ মাতৃভাষা নহয় যদিও হিন্দী এই অঞ্চলত প্রচলিত ভাষা। উত্তৰ-পূবলৈ পর্যটন আৰু আন কামত অহা ভাৰতৰ সকলাে ঠাইৰ মানুহে স্থানীয় লােকসকলৰ সৈতে হিন্দী ভাষাতে আলাপ কৰে। সেয়ে ই সমগ্ৰ ভাৰতক জানিবলৈ আৰু বুজিবলৈ বিচৰা পর্যটকৰাে ভাষাড° মিনাক্ষী জলীয়ে লগতে কয় যে উত্তৰ-পূব ভাৰতে নিজৰ কথিত ভাষা আৰু ভাষাৰ লগতে হিন্দী ভাষাকো সম্পূর্ণ আন্তৰিকতা আৰু সন্মানসহকাৰে আপােন কৰি লৈছে। হিন্দী কেৱল উত্তৰপূব ভাৰতৰ সংযােগী ভাষাই নহয়, ই উত্তৰ-পূবৰ হিন্দী প্রেমী, লেখক, সাহিত্যিকসকলকো হিন্দী ভাষাত সাহিত্য ৰচনা কৰাৰ বাবে প্ৰেৰণা যােগাই আহিছেড° জলীয়ে চৰকাৰী ভাষা হিন্দীৰ ব্যৱহাৰৰ বাবে নিজা উদ্যোগ গ্রহণ কৰিবলৈ জ্যেষ্ঠ বিষয়াসকলক অনুৰােধ জনায় আৰু চৰকাৰী ভাষা নীতি অনুসৰি চৰকাৰী কাম-কাজত হিন্দীৰ উপযুক্ত প্রয়ােগ নিশ্চিত কৰিবৰ বাবে প্রয়ােজনীয় প্ৰেৰণামূলক সুপৰিবেশ গঢ়ি তােলাৰ বাবে পদক্ষেপ গ্রহণ কৰিবলৈও আহ্বান জনায়। 

ইউকো বেংকৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া তথা কলকাতাৰ নগৰ চৰকাৰী ভাষা প্রয়ােগ সমিতি (বেংক) ৰ অধ্যক্ষ অতুল কুমাৰ গােৱেলে অনুষ্ঠানত ভাষণ প্রদান কৰি উত্তৰ-পূবৰ অন্যতম সাংস্কৃতিক চহৰ। ডিব্ৰুগড়ত এই সমাৰােহ অনুষ্ঠিত কৰাৰ বাবে চৰকাৰী ভাষা বিভাগৰ শলাগ লয়তেওঁ লগতে কয় যে উচ্চ পর্যায়ৰ 

বিষয়াবৰ্গই আগ্ৰহেৰে সৈতে চৰকাৰী ভাষা হিন্দী ব্যৱহাৰ কৰিলে তেওঁলােকৰ সহকাৰী বিষয়া আৰু কৰ্মচাৰীও উৎসাহিত হ’বইউকো বেংকে সাংবিধানিক দায়িত্ব পালনৰ বাবে বিভিন্ন আঁচনিৰ অধীনত চৰকাৰী ভাষা প্রসাৰৰ কাৰ্যসূচী গ্রহণ কৰিছেতেওঁ আন চৰকাৰী কাৰ্যসূচীৰ দৰে চৰকাৰী ভাষা প্রচাৰৰ বাবেও নিৰৱচ্ছিন্ন প্রচেষ্টা অব্যাহত ৰখাৰ ওপৰত গুৰুত্ব আৰােপ কৰে। তেওঁ লগতে কয় যে ইউকো বেংক কলকাতাই হিন্দী ভাষাৰ লগতে বিভিন্ন আঞ্চলিক ভাষাৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰােপ কৰি একাধিক উদগণিমূলক আঁচনি ৰূপায়ন কৰিছে। 

 এই উপলক্ষে দিয়া ভাষণত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৱে অসমত ব্যৱহৃত অসমীয়া, বড়াে আৰু বাংলা ভাষাৰ সৈতে অসমীয়া ভাষাৰ ওচৰ সম্পর্ক আছে বুলি মন্তব্য কৰেদেশৰ পূব আৰু উত্তৰ-পূর্বাঞ্চলত হিন্দী। সহযােগী ভাষা হিচাবে ব্যৱহাৰ হয় বুলিও তেওঁ লগতে কয়।। 

বি এল মীনাই তেওঁৰ ভাষণত কয় যে চৰকাৰী ভাষা প্রয়ােগৰ ক্ষেত্ৰত সন্মুখীন হােৱা সমস্যাসমূহৰ সমাধান কৰা আৰু এই ক্ষেত্ৰত উল্লেখনীয় পদক্ষেপ কৰা সকলক উৎসাহিত কৰা এই আঞ্চলিক সমাৰােহসমূহৰ উদ্দেশ্যদেশৰ চৰকাৰী ভাষা প্রয়ােগ নীতি অনুসৰি চৰকাৰী ভাষা প্রয়ােগ বিভাগে দেশৰ বিভিন্ন স্থানত এনে আঞ্চলিক সমাৰােহসমূহ অনুষ্ঠিত কৰি আহিছে। 

চৰকাৰী ভাষা প্রয়ােগৰ ক্ষেত্ৰত উৎকৃষ্টকার্য সম্পাদন কৰা কেন্দ্রীয় চৰকাৰৰ কার্যালয়, বেংক আৰু প্রতিষ্ঠানসমূহে এই অনুষ্ঠানৰ মঞ্চত বিভিন্ন শাখাত বঁটা গ্রহণ কৰে। অনুষ্ঠানত কেন্দ্রীয় চৰকাৰৰ বিভিন্ন কার্যালয়ৰ বিষয়াসকলাে উপস্থিত আছিল।