আজি নতুনকৈ প্ৰাদেশীকৃত নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ প্রথম মাহৰ দৰমহা মোকলাই দিব বিত্ত বিভাগে

pc-economicstimes

বাৰ্ত্তাসেৱা-  নতুনকৈ প্ৰাদেশীকৃত নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ ১১,১৩৫ গৰাকী শিক্ষকক আজি প্রথম মাহৰ দৰমহা দিছে বিত্ত বিভাগে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্দেশৰ পাছতে  বিত্তমন্ত্রী অজন্তা নেওগে সদৰী কৰা তথ্য মতে যোৱা জানুৱাৰী মাহত  নিযুক্তি দিয়া নিম্ন প্রাথমিক বিদ্যালয়ৰ  ৪২৪৩ গৰাকী টিউটৰ আৰু উচ্চ প্রাথমিকত নিযুক্তিপ্রাপ্ত ৬৮৯২ গৰাকী টিউটৰৰ পাৰিতোষিকত বিত্ত মন্ত্ৰী হিচাপে তেওঁ অনুমোদন জনাইছে। ইয়াৰ লগে লগে বিত্ত বিভাগে প্রাদেশিকীকৰণ কৰা এই শিক্ষক পদত কার্যনির্বাহ কৰা টিউটৰসকলে প্ৰথম মাহৰ দৰমহা লাভ কৰাটো নিশ্চিত হৈছে। বিত্ত বিভাগে এক নির্দেশনাযোগে প্রতিখন জিলাৰে ডি ডি অ’ আৰু ট্রেজাৰি অফিচাৰসকলক ইতিমধ্যে প্রাদেশীকৃত হোৱা টিউটৰসকলৰ প্ৰথম মাহৰ পাৰিশ্ৰমিক মোকলাই দিবলৈ কোৱা হৈছে।