আজি ঘোষণা কৰা হ’ব  চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল

Pc Eastmojo Assam

আজি ঘোষণা কৰা হ’ব  চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ বহুচৰ্চিত নিযুক্তি পৰীক্ষাৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ’ব । ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰ অংশস্বৰূপে ২১ আগষ্ট, ২৮ আগষ্ট আৰু ১১ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল এই নিযুক্তি পৰীক্ষা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে ফলাফল ঘোষণাৰ কথা অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে জনাই যে ৪ৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল মঙলবাৰে অৰ্থাৎ ১৮ অক্টোবৰত ঘোষণা কৰা হ’ব। উল্লেখযোগ্য, ৪৮টা বিভাগৰ খালী পদৰ বিপৰীতে অনুষ্ঠিত এই পৰীক্ষাত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬ হাজাৰৰো অধিক পদৰ বাবে পৰীক্ষাত বহিছিল প্ৰায় ১৪ লাখ প্ৰাৰ্থী। কটকটীয়া নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফলক লৈ এতিয়া ৰাজ্যৰ পৰীক্ষাৰ্থীসকলৰ মাজত পৰিলক্ষিত হৈছে উৎকণ্ঠা। প্ৰাৰ্থীসকলে ফলাফল লাভ কৰাত কোনো অসুবিধাৰ সন্মুখীন হ’লে ৯৬৬৭০৬২০৬৩ নম্বৰত যোগাযোগ কৰিব পাৰিব। ছেৱাৰ ৱেবছাইটত ঘোষণা কৰা হ’ব ফলাফল। www.sebaonline.orgত উপলব্ধ হ’ব ফলাফল।