আজিৰ কবিতাৰ উদ্যোগত বসন্ত উৎসৱ- গ্ৰন্থ উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- আজাৰাস্থিত স্কেমিও গ্ল’বেল স্কুলত আজিৰ কবিতা আৰু মেজাংকৰি প্ৰকাশনৰ উদ্যোগত আজি আজিৰ কবিতাৰ কাৰ্যকৰী সভাপতি ড° মনজু হালৈৰ সভাপতিত্বত ‘নাহৰৰ সুবাসত কবিতা-গীতে-মাতে জীপাল ব’হাগৰ এদিন’ আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয় । বহুবাক সাহিত্য গোষ্ঠী তথা বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য সভাৰ সভাপতি দিলস লক্ষ্মীন্দ্ৰ সিংহাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত পাঁচখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় । চুমী ৰহমানৰ দুখনকৈ গ্ৰন্থ উন্মোচন হয় । কাজিৰঙালৈ অহা বহু পৰ্যটকৰ দৃষ্টিত নপৰা বহু অখ্যাত কাহিনীৰে ’কাজিৰঙাৰ অজানা ৰহস্য’ উন্মোচন কৰে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ড° মঞ্জু দেৱী পেগু আৰু সাহিত্যিক ৰুণা লাইলাই । উক্ত গ্ৰন্থখন প্ৰকাশ কৰে মেজাংকৰি প্ৰকাশনে । তেওঁৰ তৃতীয়খন গ্ৰন্থ কাব্যসংকলন ’তুলিকা জীৱনৰ’ উন্মোচন কৰে শুক্লেশ্বৰ নাথ আৰু ডা° মৃন্ময় কুমাৰ নাথে । লগতে অসমৰ সাহিত্য জগতত খুপনি পুতিবলৈ সক্ষম হোৱা ৩২ বছৰীয়া কাব্যলোচনী ২০২২ বৰ্ষৰ দ্বিতীয় সংখ্যাটো উন্মোচন কৰা হয় । এই সংখ্যাটো সম্পাদনা কৰে অতিথি সম্পাদক চুমী ৰহমানে । লগতে চন্দ্ৰমা শৰ্মাৰ এটা শব্দৰ গান উন্মোচিত হয় । কণমানি শিল্পী হিমশিখা হাজৰিকা আৰু কবি লেখিকা টুটুমণি মেধিয়ে বিহু নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে । কবি লেখিকা চুমী ৰহমানৰ গ্ৰন্থখনে কাজিৰঙা ভ্ৰমণৰ ক্ষেত্ৰত পৰ্যটক সকলক যথেষ্ট সহায় হ’ব বুলি ভাষা প্ৰকাশনৰ স্বত্বাধিকাৰী মুকুট শৰ্মাই কয় । উক্ত সভাত সাহিত্য অকাডেমি বঁটা প্ৰাপক ড° জয়ন্ত মাধৱ বৰা , ৰুদ্ৰ সিংহ মটক , হৃদয় কুমাৰ পাটগিৰি , ড° ভৱেশ দাস , দিলীপ নন্দী , জমিৰ ৰহমান , নাং অঞ্জনা গগৈ , ডা° চন্দ্ৰমা মেধি , পুতুলী ঠাকুৰীয়া মেধি , অলি বৰুৱা , আল্পনা দলে, কবিতা তালুকদাৰকে আদি কৰি অসমৰ বিভিন্ন প্ৰান্তৰ বহু কেইগৰাকী প্ৰতিষ্ঠিত কবি-সাহিত্যিকে অংশ গ্ৰহণ কৰে বুলি আজিৰ কবিতাৰ সম্পাদক বিনয় চলিহা আৰু মেজাংকৰি প্ৰকাশনৰ সচিব ঊষামণি শইকীয়াই জানিবলৈ দিয়ে৷