বিশ্ব_কবিতা_দিৱস_বিশেষ
আজিনো কি লিখোঁ ??
আজিনো কি লিখোঁ ??
তাকে ভাবি – ভাবি
আকৌ ডায়েৰীৰ পৃষ্ঠা
লুটিয়াই চালো,
পঢ়িলোঁ মই লিখি
অহা দিনলিপিবোৰ
তাৰ মাজতেই সোমাই
আছে মোৰ অনুভৱৰ
কিছু ভাললগা স্তৱক ।
পঢ়ি চালো সেইবোৰ ।
আকৌ এবাৰ ৰোমন্থন কৰিলোঁ
মোৰ পাৰ হৈ যোৱা অতীতক
ভাবিলো এটা কবিতাকে লিখোঁ ।
আকৌ কলম তুলিলো
ডায়েৰীৰ এখন ছাফা পৃষ্ঠাত
আকৌ টুকিলোঁ মোৰ এটি
নতুন অনুভৱ ।
আকৌ লিখিলোঁ
এটা নতুন কবিতা ।
লিখিলোঁ প্ৰকৃতিৰ কথা,
লিখিলোঁ মানৱ জীৱনৰ কথা,
পাতলালো মোৰ মনত
দোলা দি থকা কিছু
সুমধুৰ অনুভৱ ।
আজি মই আকৌ এটি
নতুন কবিতা লিখিলোঁ ।।
তানিয়া মধুকল্য
প্ৰথম ষাণ্মাসিক ইংৰাজী বিভাগ
বিহপুৰীয়া মহাবিদ্যালয়, বিহপুৰীয়া