আছুৰ তীব্ৰ বিৰাধিতাঃ অতিৰিক্ত কৰৰ বোজা ৰাইজৰ ওপৰত
অনলাইন বাৰ্ত্তাসেৱা– পঞ্চায়ত এলেকাত গৃহ নিৰ্মাণ আৰু ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ ক্ষেত্ৰত বিভাগৰ আপত্তিবিহীন অনুমতিপত্ৰ তথা মাচুল আদায় দিব লাগিব বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰাৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰ সন্থাই। চৰকাৰ এনে জনবিৰোধী সিদ্ধান্তই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগটো দুৰ্নীতিৰ অভিকেন্দ্ৰত পৰিণত কৰিব বুলি ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এক বিবৃতিযোগে প্ৰকাশ কৰে। বিভাগটোৰ অকৰ্মণ্যতা আৰু পৰিকল্পনাহীনতাৰ বাবে ৰাইজৰ মাজত যথেষ্ট ভোক্ষ আৰু অসন্তুষ্টিয়ে বিৰাজ কৰিছে। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ভুৱা হিতাধিকাৰী চিনাক্তকৰণৰ ক্ষেত্ৰতো বিভাগটো চূড়ান্তভাৱে ব্যৰ্থ হৈছে।যোগ্য লোকসকল বঞ্চিত হʼল। পঞ্চায়ত আৰু গ্ৰমোন্নয়ন বিভাগৰ পুঁজি টনকিয়াল কৰাৰ নামত ৰাইজৰ ওপৰত অতিৰিক্ত কৰৰ বোজা জাপি দিয়াটো ৰাইজৰ তেজ শোহাৰ দৰে হʼব আৰু এয়া বিভাগীয় মন্ত্ৰীগৰাকী অদক্ষতা আৰু জনবিৰোধী মানসিকতা বুলি ছাত্ৰ সন্থাই কয়।পঞ্চায়তলৈ দুৰ্নীতিৰ বিকেন্দ্ৰীকৰণ কৰিব বিচৰা এনে সিদ্ধান্তৰ বিৰোধিতা আৰু অনুমতি প্ৰদান আৰু মাচুল সংগ্ৰহৰ নামত গাঁৱৰ দুখীয়া ৰাইজক হাৰাশাস্তি কৰিবলৈ দিয়া নহʼব বুলিও তেওঁলোকে কয়।
(R.T)