আছুৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান

আছুৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা-  সদৌ অসম ছাত্ৰ সন্থা,সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আজি প্রাগজ্যোতিষ সাংস্কৃতিক প্রকল্প, মাছখোৱাত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক কলা, বাণিজ্য, বিজ্ঞানৰ শিক্ষান্ত পৰীক্ষাত স্থান পাবলৈ সক্ষম হোৱা ছাত্র-ছাত্রীক অভিনন্দন জনায়৷আনহাতে, ছাত্ৰ-ছাত্ৰীসকলে যিখন শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰি এই স্থান পাবলৈ সক্ষম হ’ল সেই শিক্ষানুষ্ঠানৰ সন্মানীয় মুৰব্বীক সম্বৰ্ধনা জনোৱাৰ লগতে কেন্দ্রীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ অসমৰ সু-সন্তান কেইগৰাকীক অভিনন্দন জনায়৷অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে ড° জিতেন হাজৰিকা, উপাচার্য, ডিব্ৰুগড় বিশ্ববিদ্যালয়,ড° বিদ্যুৎ চন্দন ডেকা, উপাচার্য, অসম কৃষি বিশ্ববিদ্যালয়, ছাত্ৰ সন্থাৰ জিলা, মহকুমা, আৰু আঞ্চলিক ছাত্ৰ সন্থাসমূহৰ স্থানপ্রাপ্ত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষানুষ্ঠানৰ মুৰব্বী সকল অনুষ্ঠানত উপস্থিত থাকে।অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, উপদেষ্টা প্ৰকাশ দাস, ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা,শংকৰজ্যোতি বৰুৱা সাধাৰণ সম্পাদক,ভৱজিৎ বেজবৰুৱা শিক্ষা সম্পাদক,সদৌ অসম ছাত্ৰ সন্থা,ৰজমিল আলী সভাপতি, প্রাঞ্জল ডেকা সাধাৰণ সম্পাদক,সদৌ গুৱাহাটী ছাত্ৰ সন্থা,টুটুমণি কলিতা সাধাৰণ সম্পাদক৷ সদৌ কামৰূপ (ম) জিলা ছাত্ৰ সন্থা, কে আদি কৰি প্ৰায় ১০০০(এক হাজাৰ) মান ছাত্ৰ – ছাত্ৰী তথা ছাত্ৰ সন্থাৰ বিষয় ববীয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উৎপল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ছাত্ৰ ছাত্ৰীক শিপা নাপাহৰিবলৈ নতুনসকলক শিপাৰ লগত সম্পৰ্কিত হৈ থকাৰ লগতে ভালকাম কৰিবলৈ আৰু মাতৃ পিতৃ , মাতৃভূমি আৰু মাতৃভাষাক মনত ৰাখিবলৈ আহ্বান জনায় । তেওঁ ভাষণৰ প্ৰসংগত কয়-নতুন শিক্ষানীতি থকা ভাল খিনিক ভাল বুলি কৈছোঁ আৰু বেয়া খিনিক বেয়া বুলি কৈছোঁ। নতুন শিক্ষানীতি ভাল বা বেয়া বুলি কোৱা নাই আছুৱে। বেয়াবোৰ আঁতৰাই ভালবোৰ আদৰি ল’ব লাগিব। ইংৰাজী ,হিন্দী সকলো ভাষা শিকাওক মাধ্যম একে থাকিব লাগিব।ৰাজ্যিক বৰ্ড একেলগ কৰিব বিছাৰিছে, কিন্তু দুয়োটা বৰ্ড শিক্ষাবিদ সকলৰ হাতত স্বতন্ত্ৰভাৱে থাকিবলৈ দিব লাগে।ৰাজনৈতিক হস্তক্ষেপ থাকিব নালাগে বুলি মন্তব্য কৰি তেওঁ কয়, অৰ্থনৈতিকভাৱে দুৰ্বল ছাত্র ছাত্ৰী সকলক সহায় কৰিব আছুৱে, বিদ্যালয় এৰাৰ কথা চিন্তা নকৰিবলৈ আহ্বান জনায়।তেওঁ লগতে অসমৰ বিশ্ববিদ্যালয় সমূহত নতুন পাঠ্যক্ৰম সংযোজন হ’ব লাগে বুলি কয়৷IIM ,IIRS IIRM অসমত স্থাপন হ’ব লাগে বুলি দাবী জনায়৷ অনুষ্ঠানত প্ৰায় ১০৯ গৰাকী ছাত্ৰ – ছাত্ৰী আৰু ৬ গৰাকী ইউ,পি,এচ,চি ত উৰ্ত্তীণ হোৱা প্ৰাৰ্থীক অভিনন্দন জনায়৷