আঘোণৰ ন-খোৱা- ময়ূৰাক্ষী গগৈ

Pc The Janambhumi

আঘোণৰ ন-খোৱা

চাওঁতে চাওঁতে পালেহি আঘোণ মাহ
সোণগুটি চপোৱাৰ দিন।
মৰণাৰ শেষত যে
হেঁপাহৰ ন-খোৱা উৎসৱ।
ন-ধানৰ চাউলেৰে
এসাজ খোৱাৰ আনুষ্ঠানিকতা।
এয়া যে আমাৰ আজোককা দিনৰ পৰম্পৰা।
কোনোৱে নামঘৰত, কোনোৱে সমূহীয়াকৈ,
কোনোৱে আকৌ আত্মীয় স্বজনৰ সৈতে।
পুখুৰীৰ মাছ, ঘৰৰ হাঁহ , বাৰীৰ শাক-পাচলি
কাঠ আলু আৰু মাটিমাহেৰে
তৃপ্তিৰ এসাজ।
খোৱাৰ আনন্দত যে
ৰ’দে বৰষুণে খেতি কৰাৰ
দুখ ভাগৰ যেন পলকতে দূৰ হয়।
এইয়া যেন কৃষকৰ সফলতাৰ উৎসৱ।

ময়ূৰাক্ষী গগৈ
যোৰহাট।