‘আকৌ খোজ কাঢ়ো আহক’-মানবীয়তাৰ দিশে এক সুন্দৰ পদক্ষেপ

‘আকৌ খোজ কাঢ়ো আহক’-মানবীয়তাৰ দিশে এক সুন্দৰ পদক্ষেপ

দেৱাশীষ গোস্বামী,নগাঁও,ৰঙিলী বাৰ্ত্তাসেৱা-           নগাঁৱৰ আগশাৰীৰ এক সামাজিক অনুষ্ঠান মাৰৱাড়ী যুব মঞ্চৰ ‘নগাঁও সমৃদ্ধি শাখা’আৰু ‘নগাঁও শাখা’ৰ উদ্যোগত অহা ২৮,২৯ আৰু ৩০ জুলাই তাৰিখে পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈকে হয়বৰ গাওঁস্থিত হনুমান মন্দিৰ ভৱন প্ৰাঙ্গনত এক বিনামূলীয়া কৃত্ৰিম ভৰি আৰু কেলিপৰ প্ৰত্যাৰোপন শিবিৰৰ আয়োজন কৰা হৈছে।উক্ত শিৱিৰত অত্যাধুনিক পদ্ধতিৰে কৃত্ৰিম ভৰি আৰু কেলিপৰ লগোৱা হ’ব।মহিলা-পুৰুষ,শিশু সমন্বিতে সকলোৱে আগতীয়াকৈ নিজৰ নাম পঞ্জীয়ন কৰি এই শিবিৰৰ পৰা লাভাম্বিত হ’ব পাৰিব। মাৰৱাড়ী যুৱ মঞ্চৰ ‘নগাঁও সমৃদ্ধি শাখা’আৰু ‘নগাঁও শাখা’ৰ অধ্যক্ষ্যা,অধ্যক্ষদ্বয় ক্ৰমে হীৰা গাৰডিয়া আৰু বিনিত ম’ৰ আৰু সম্পাদিকা,সম্পাদকদ্বয় ক্ৰমে নিমিশা আগৰৱাল আৰু নাৰায়ন পাৰিকে জানিবলৈ দিয়ে যে এই শিৱিৰত কৃত্ৰিম ভৰি লগোৱাৰ পাছত প্ৰশিক্ষণ লৈ ব্যক্তিয়ে পেং নোলোৱাকৈ খোজ কঢ়া,হাল বোৱা,চাইকেল চলোৱা,পাহাৰ বগোৱা আদিৰ লগতে যিকোনো কাম অতি সহজভাৱে কৰিব পাৰিব। এক মহান মানৱীয় উদ্দেশ্যেৰে মাৰৱাড়ী যুৱ মঞ্চৰ ‘নগাঁও সমৃদ্ধি শাখা’ আৰু ‘নগাঁও শাখা’ৰ সকলো বিষয়ববীয়াই জাতি,ধৰ্ম,ভাষা নিৰ্বিশেষে সকলো ৰাইজৰ সহায় সহযোগ কামনা কৰিছে।

উক্ত বিনামূলীয়া শিবিৰৰ পৰা লাভাম্বিত হ’ব খোজা ইচ্ছুক ব্যক্তিয়ে ১৫ জুলাই ২০২৩ তাৰিখৰ ভিতৰত নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। নাম পঞ্জীয়ন আৰু সবিশেষ জানিবৰ বাবে তলত দিয়া নম্বৰ সমূহত যোগাযোগ কৰিব পাৰিব। 7429241027,6900884597,8486728850, 9957241027