আকৌ আৰম্ভ হ’ব কা বিৰোধী আন্দোলনঃ ডঃ হীৰেণ গোহাঁই

PC - The Economic Times

আকৌ আৰম্ভ হ’ব কা বিৰোধী আন্দোলনঃ ডঃ হীৰেণ গোহাঁই

ৰঙিলী বাৰ্ত্তাসেৱা- বৰ্তমান পৰিস্থিতিত পুণৰ আৰম্ভ হ’ব কা বিৰোধী আন্দোলন বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেণ গোহাঁইৰ অসমৰ জনতালৈ আহ্বান৷আজি গুৱাহাটী ক্লাবস্হিত চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত অনুষ্ঠিত সংবাদ মেলত এইদৰে কয় ড° হীৰেণ গোহাঁই৷তেওঁ পুনৰ কয় অতি শীঘ্ৰে কা বিৰোধী সমন্বয় মঞ্চ‌ই আন্দোলনৰ দিন ঘোষণা কৰিব অসমত ২০১৯ চনলৈ হিন্দু বাংলাদেশী অভিসন্ধি বিজেপি চৰকাৰৰ অসমত ১৯৭১ চনৰ বিদেশী বহিস্কৰন আন্দোলনৰ গুৰুত্ব নোহোৱা হ’ব অসমৰ থলুৱা মানুহৰ অস্তিত্ব নোহোৱা হ’ব অচিৰেই কা বিৰোধী সমন্বয় মঞ্চৰ বৈঠকত দিন বাৰ স্থিৰ কৰিব৷অসমৰ সমূহ জনসাধাৰণৰ সন্মুখত অস্তিত্বৰ সংকট বুলি প্ৰকাশ কৰে গোহাঁয়ে।ক্ষমতাত থকা দলৰ প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈয়ে গ্ৰুপিঙৰ বিৰুদ্ধে বিধানসভাত ঐতিহাসিক সিদ্ধান্ত লৈছিল আৰু আজি ক্ষমতাত থকা বিজেপি দলে জাতিক অস্তিত্ব বিপন্ন কৰা কা আইন বলবৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷তেওঁ কৃষক আন্দোলনৰ ফলত কেন্দ্ৰীয় চৰকাৰে কৃষি আইন বলবৎ কৰিও উঠাই ল’বলৈ বাধ্য হ’ল বুলি কয়।কা ৰ সপক্ষত থকাৰ বিৰুদ্ধে এচামে বিৰোধিতা কৰিব বুলিও তেওঁ প্ৰকাশ কৰে অসমৰ ৰাইজে এই কা বিৰোধী আন্দোলন সফল কৰি তুলিব বুলি আশা প্ৰকাশ কৰে।বিগত সময়ত জুবিন গাৰ্গ আদিৰ দৰে এচামে ইয়াক গান নাচৰ দৰে পৰ্যায়লৈ লৈ গৈ বিপথে পৰিচালিত কৰিলে।তেওঁ কা বলবৎ হ’লে অসম আৰু পশ্চিম বংগত লাখ লাখ হিন্দু বঙালী লোকে ভৰি পৰিব বুলি প্ৰকাশ কৰে।