আকৌ অভিমন্যু – দিপ্তী মনি গোস্বামী

PC - Wikipedia

আকৌ অভিমন্যু

 দিপ্তী মনি গোস্বামী, লখিমপুৰ
             

বেহুৰ ভিতৰত কান্দে অভিমুন্য
আত্মীয়ৰ মুখলৈ চাই
কি অপৰাধ কৰিছোঁ মই
কৰিছা মোৰ এই বিলাই!
পঁজাত আছে মোৰ দুখুনী আই
মোক লৈয়ে তেওঁ আছে জীয়াই
আইৰ খাতিৰতে সকলো ত্যাগীম মই
মাথোঁ মোক থাকিবলৈ দিয়া জীয়াই!
তোমালোকৰ অভিপ্ৰায় নিচিনিলো মই
তোমালোকৰ অভিসন্ধি নুবুজিলো মই
তোমালোকৰ জানো একো দয়া মততা নাই?
নিজৰ মঙহ এটুকুৰাৰ লগত  চোৱাচোন মিলাই!
অভিমন্যু ভাগৰি পৰিল ইনাই-বিনাই
বাহিৰ ওলোৱা মুকলি পথ নাপালে দুনাই
বেহুৰ ভিতৰতে জীও গ’ল দেহৰ পৰা ওলাই
মমতাময়ী জনমদায়িনীৰ প্ৰতিচ্ছবি মানসপটত চাই !