আকাশ ,এমুঠি জোনাক দিয়া- মানসী মিশ্ৰ

PcWikipedia

আকাশ ,এমুঠি জোনাক দিয়া

মানসী মিশ্ৰ

নিজৰ বুলিবলৈ ওপৰত
আকাশ এখনি আছে
সুবিশাল সত্বা,সুবিশাল পৰিধি
এৰা,আকাশৰো এমুঠি ভাল লগা আছে
হয়তো আছে সীমাহীণ ভালপোৱা
সচাঁ চকুপানী ৰে দুখ থাকে আকাশৰ
হয়তো আকাশৰো আছে মিচিকি হাঁহি
আকাশে আনে লুকাই মোলৈ হয়তো
নেদেখা জনৰ মনৰ বাতৰি
আকাশে দিয়ে আঁজলি ভৰাই
কাৰোবাৰ ভালপোৱা বোৰ
আৰু আকাশেই বৰষুণ হৈ
লৈ আহে মোলৈ কাৰোবাৰ
কান্দোনবোৰ ,যিয়ে ধুৱাই পেলায়
মোৰ দুখনি গাল আলফুলে মৰমেৰে ।