শ্বহীদ প্ৰণামো তোমাক – দেৱাশীষ গোস্বামী

শ্বহীদ প্ৰণামো তোমাক 

১৯৫৯ চনৰ ২৩ জুনত জন্মগ্ৰহণ কৰা অসমৰ সুযোগ্য সন্তান বীৰ খৰ্গেশ্বৰ তালুকদাৰৰ আজি মৃত্যুৰ দিন। তেখেত আছিল অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ।আমি অসমবাসীয়ে এইজনা মহান বীৰৰ লগতে অসম আন্দোলনত প্ৰাণ আহুতি দিয়া সকলো বীৰৰ মহান ত্যাগক স্মৰণ কৰি ১০ ডিচেম্বৰ অৰ্থাৎ আজিৰ এই দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰো।ৰঙিলী বাৰ্ত্তাৰ সমূহ পৰিয়াল বৰ্গৰ তৰফৰ পৰা অসম আন্দোলনত প্ৰাণ আহুতি দিয়া প্ৰতিজন বীৰ শ্বহীদলৈ সশ্ৰদ্ধ প্ৰণিপাত জনালো।জয় আই অসম।

দেৱাশীষ গোস্বামী,
নগাঁও