আই চি চিয়ে প্ৰকাশ কৰিলে বিশ্বকাপ-২০২৩ৰ সময়সূচী

আই চি চিয়ে প্ৰকাশ কৰিলে বিশ্বকাপ-২০২৩ৰ সময়সূচী

ৰঙিলী বাৰ্ত্তাসেৱা–  আই চি চিয়ে প্ৰকাশ কৰিলে বিশ্বকাপ-২০২৩ৰ সময়সূচী। আই চি চিয়ে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ খেলৰ সময়,স্থান আদি সামৰি প্ৰকাশ কৰে সময়সূচী। চলিত বৰ্ষৰ ৫ অক্টোবৰৰ পৰা হ’বলগীয়া এদিনীয়া বিশ্বকাপৰ আয়োজক দেশ ভাৰত। ৫ অক্টোবৰৰ পৰা ১৯ নবেম্বৰলৈকে ৪৬ দিন ধৰি চলিব লগা বিশ্বকাপৰ খেলসমূহ দেশৰ বিভিন্ন প্ৰান্তৰ ১০খন চহৰত অনুষ্ঠিত হ’ব।২০১৯ বিশ্বকাপৰ ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড আৰু ৰানাৰ্ছ-আপ নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব বিশ্বকাপৰ প্ৰথমখন মেচ। এই উদ্বোধনী মেচখন অনুষ্ঠিত হ’ব আহমেদাবাদত ।  ইফালে আয়োজক ভাৰতে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব ৮ অক্টোৰত। চেন্নাইত হ’বলগীয়া এই মেচখনত ভাৰত মুখামুখী হ’ব অষ্ট্ৰেলিয়াৰে। আনহাতে ১৫ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত পাকিস্তানৰ বিৰুদ্ধে মুখামুখী হ’ব ভাৰত।  ইয়াৰ বিপৰীতে গুৱাহাটীত কেৱল মাত্ৰ ২ খন ৱাৰ্ম আপ মেচহে অনুষ্ঠিত কৰাৰ সুযোগ দিলে। ঘৰৰ মাটিত বিশ্বকাপৰ মেচ উপভোগ কৰা অসমৰ ক্ৰিকেট অনুৰাগীসকলক যে বি চি চি আইয়ে বিমুখ কৰিলে।