আইৰ জুহাল – লখিমী শৰ্মা

আইৰ  জুহাল
লখিমী শৰ্মা, যোৰহাট
দবাপিটা বৰষুণজাকক নেওঁচি হাতত এটা বেগ আৰু এটা ছাতি লৈ পিতাই ওলাল কামৰ সন্ধানত।ভাত মুঠি ৰান্ধিবলৈয়ো যেন আইৰ জুহালত একোয়ে নাই।পিতাই আহি পুৱালৈ বাটলৈ চাই চাই পিৰালিতে আইয়ে বহু সময় খাপ পিটি বহি আছিল আমন – জিমণকৈ। বহু সময়ৰ মূৰত পিতাই আহি ঘৰ সোমাল।আইয়ে লৰালৰিকৈ  টোপোলাটো খুলি চাইয়েই দেখিলে, চাউল কেইটামান, দাইল, আলু, পিয়াঁজ, মিঠাতেল, নিমখ, হালধি, পাচলি দুটামান।বেগেতে গৈ আই জুহাল পালেগৈ ! ভাত মুঠি ৰান্ধি উঠি কিছুসময় জিৰণি লৈ ভাতকেইটা বাঢ়ি দি খাই বৈ আজৰি হৈ কৰযোৰে প্ৰাৰ্থনা জনালে গোঁসাইঘৰৰ থাপনাৰ দাঁতিলৈ গৈ । অ’তদিনে অভাৱৰ দুখত পোৱা যন্ত্ৰণাৰ অন্ত পৰাত আইৰ দুচকুত আজি সুখৰ চকুলো নিগৰি আহিল ।