অৱসৰৰ সিদ্ধান্ত সলনি সুনীল চেত্ৰীৰ 

অৱসৰৰ সিদ্ধান্ত সলনি সুনীল চেত্ৰীৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  অৱসৰ ঘোষণা কৰাৰ পিছত ক্ৰীড়াক্ষেত্ৰত পুনৰ প্ৰত্যাৱৰ্তনৰ বহু উদাহৰণ আছে। ইয়াৰ মাজতে ভাৰতীয় কিংবদন্তি ফুটবলাৰৰ প্ৰত্যাৱৰ্তনে আনন্দিত কৰিছে অনুৰাগীক। ভাৰতৰ সৰ্বশ্রেষ্ঠ ফুটবল খেলুৱৈ তথা ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক সুনীল চেত্ৰীয়ে অৱসৰৰ পৰা উভতি অহাৰ কথা ঘোষণা কৰিছে।ভাৰতীয় ফুটবল সন্থাই বৃহস্পতিবাৰে এই কথা ঘোষণা কৰি কয় যে মার্চত অনুষ্ঠিত হ’বলগীয়া খেলৰ বাবে খেলপথাৰলৈ ঘূৰি আহিব সুনীল চেত্রী। সুনীল চেত্ৰীয়ে যোৱা বছৰত আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল। ৪০ বছৰ সম্পূৰ্ণ কৰা চেত্ৰীয়ে ২০২৪ চনৰ ৬ জুনত কুৱেইটৰ বিৰুদ্ধে অন্তিমখন খেল খেলিছিল। বিশ্বকাপ ২০২৬ৰ কোৱালিফায়াৰ মেচখনত পৰাস্ত হোৱাৰ পাছত চেত্রীয়ে  আন্তঃৰাষ্ট্ৰীয় ফুটবলক বিদায় জনাইছিল। এতিয়া ২৭৩ দিনৰ মূৰত আকৌ এবাৰ কিংবদন্তি ফুটবলাৰগৰাকীয়ে ভাৰতীয় জাৰ্জী পিন্ধাৰ সিদ্ধান্ত লৈছে। ২০২৭ চনৰ এএফচি এছিয়ান কাপৰ কোৱালিফায়াৰ মেচ অনুষ্ঠিত হ’ব। চলিত মাহৰ  শেষৰ ফালে টীম ইণ্ডিয়াৰ এখন গুৰুত্বপূৰ্ণ মেচ আছে। ২৫ মাৰ্চত মেঘালয়ৰ ৰাজধানী শ্বিলঙত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’ব এই মেচখন। এই মেচখনৰ গুৰুত্ব বিবেচনা কৰি চেত্ৰীয়ে এই সিদ্ধান্ত গ্রহণ কৰিছে।চেত্রীয়ে আন্তঃৰাষ্ট্ৰীয় ফুটবলত ৯৪টা গ’ল দিছে,আন্তৰ্জাতিক ফুটবলত বৰ্তমান খেলি থকা খেলুৱৈসকলৰ ভিতৰত তৃতীয় সৰ্বাধিক গ’ল স্ক’ৰাৰ । এই তালিকাত প্ৰথম স্থানত আছে ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু দ্বিতীয় স্থানত লিঅ’নেল মেছি । ইপিনে, সুনীল চেত্রীয়ে প্ৰথমবাৰৰ বাবে নতুন প্রশিক্ষক মানোলো মার্কেজৰ দলত খেলা দেখা যাব। যোৱা বছৰ চেত্ৰীয়ে অৱসৰ লোৱাৰ পাছতহে মার্কেজক ভাৰতীয় দলৰ নতুন প্রশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। চেত্ৰী ঘূৰি অহাৰ এটা ডাঙৰ কাৰণ হ’ল তেওঁৰ বৰ্তমানৰ প্ৰদৰ্শন। আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ পাছতো চেত্ৰীয়ে নিজৰ ক্লাব বেংগালুৰু এফচিৰ হৈ অবিৰতভাৱে খেলি আছে। আইএছএলৰ চলিত ছিজনত বেংগালুৰুৰ হৈ চেত্ৰীয়ে এতিয়ালৈকে ১২টা গ’ল কৰিছে, য’ত কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে হেটট্রিক অৰ্জন কৰিছিল। এনে পৰিস্থিতিত এই পদক্ষেপ গ্রহণ কৰি মহান ফুটবলাৰগৰাকীৰ ফৰ্মৰ সুবিধা ল’বলৈ বিচাৰিছে মার্কেজ আৰু ভাৰতীয় ফুটবল সন্থাই। ইফালে, এই পদক্ষেপত সন্মতি প্রকাশ কৰিছে চেত্রীয়ে।