অৰুণাচল প্ৰদেশৰ পাছিঘাটস্থিত গুৰুদ্বাৰ শ্ৰী গুৰু নানক দেৱজী সভাত ‘বীৰ শিশু দিৱস’ৰ কাৰ্যসূচীত কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

অৰুণাচল প্ৰদেশৰ পাছিঘাটস্থিত গুৰুদ্বাৰ শ্ৰী গুৰু নানক দেৱজী সভাত ‘বীৰ শিশু দিৱস’ৰ কাৰ্যসূচীত কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

পাছিঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৰুণাচল প্ৰদেশৰ পাছিঘাটস্থিত গুৰুদ্বাৰ শ্ৰী গুৰু নানক দেৱজী সভাত ‘বীৰ শিশু দিৱস’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি গুৰু গোবিন্দ সিঙৰ শ্বহীদ সৰু পুত্ৰদ্বয় জোৰাৱৰ সিং আৰু ফাটেহ সিঙ লৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।  সোণোৱালে ভাষণ প্ৰসংগত কয়, “মই এই অনুষ্ঠানত দশম আৰু শেষ শিখ গুৰু গোবিন্দ সিং দেৱৰ দুজন শ্বহীদ পুত্ৰ জোৰাৱৰ সিং আৰু ফাটেহ সিঙক শ্ৰদ্ধাৰে সেৱা জনাইছোঁ। অত্যন্ত কম বয়সতে শিখ ধৰ্মক আৰু স্বদেশ-স্ব জাতিক সুৰক্ষিত কৰিবলৈ মোগলৰ বৰ্বৰতাৰ বিৰুদ্ধে বিক্ৰমেৰে যুঁজ দি বীৰ গতি লাভ কৰা এই সাহেবজাদা সকলৰ জীৱন, ত্যাগ আৰু দেশ প্ৰেমৰ গাথা ভাৰত ভূমিত সদায়ে স্মৰণীয় হৈ থাকিব।এই প্ৰেৰণাৰে উদ্বুদ্ধ হৈ আমি সকলোৱে মিলি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনৰ ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ নিৰ্মাণৰ দিশত অগ্ৰসৰ হ’ব লাগিব। ‘দেশ প্ৰথম আৰু সৰ্বোপৰি’, মহান গুৰু গোবিন্দ সিঙৰ জীৱনৰো এয়াই আদৰ্শ আছিল।আৰু সেই একেই আদৰ্শক তেখেতৰ সন্তানে বীৰত্বেৰে আৰু আত্ম বলিদানেৰে সন্মান জনাই মৃত্যুবৰণ কৰিছিল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ‘বীৰ শিশু দিৱস’ ৰ সূচনাৰে গুৰু গোবিন্দ সিঙৰ মহান শ্বহীদ পুত্ৰসকল লৈ প্ৰকৃত সন্মান যাচিলে।” কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয়, “আজি কৰা ত্যা্গেৰে আমি কাইলৈৰ অমৃত ক্ষণত এখন নতুন আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তুলিব লাগিব।তাৰ বাবে আমি একেলগে কঠোৰ পৰিশ্ৰম কৰি সমাজ জীৱনলৈ আমূল পৰিৱৰ্তন আনিব লাগিব।ইয়াৰ দ্বাৰা আমি আমাৰ দেশখন কবিশ্বৰ সৰ্বশ্ৰেষ্ঠ দেশৰ শাৰীত উপনীত কৰিব পাৰিম।” অনুষ্ঠানত লগতে উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী আলোলি বাং, সাংসদ টাপিৰ গাও, পূব পাছিঘাট বিধানসভা সমষ্টিৰ বিধায়ক কলিংময়ং, ৰুমোং (চিয়াং) বিধানসভা সমষ্টিৰ বিধায়ক টালিমটা ব’হৰ লগতে অৰুণাচল প্ৰদেশ বিজেপিৰ সভাপতি প্ৰমুখ্যে শিখ ধৰ্মাৱলম্বী ভক্তগণ।