অৰুণাচলত বিনা প্ৰতিদ্বন্দিতাত ১৩০ খন পঞ্চায়ত আসনৰ ভিতৰত বিজেপিৰ ১০২ খন আসন লাভ

Pc Times of India

অৰুণাচলত বিনা প্ৰতিদ্বন্দিতাত ১৩০ খন পঞ্চায়ত আসনৰ ভিতৰত বিজেপিৰ ১০২ খন আসন লাভ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ পঞ্চায়ত মন্ত্ৰী বামাং ফেলিক্সে কয় যে বিজেপিয়ে অৰুণাচল প্ৰদেশৰ ১৩০ খন পঞ্চায়ত আসনৰ ভিতৰত ১০২ খন আসনত বিনা প্ৰতিদ্বন্দিতাত জয়লাভ কৰিছে। ৰাজ্যখনত ১২ জুলাইত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। কংগ্ৰেছ, নেচনেল পিপলছ পাৰ্টি আৰু নিৰ্দলীয় সকলে বিনা প্ৰতিদ্বন্দিতাৰে ১৪ খন আসন লাভ কৰিছে। আৰু নিৰ্ধাৰিত তাৰিখত বাকী ২৮ খন আসনৰ বাবে এতিয়া নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ভোটগণনা ১৬ জুলাইত অনুষ্ঠিত হ’ব।