অহংকাৰ – জ্যোতিৰ্ময়ী শৰ্ম্মা 

PC Pixabay
অণুগল্প:
অহংকাৰ
জ্যোতিৰ্ময়ী শৰ্ম্মা 
নীলিমা বৰুৱা এগৰাকী  অবসৰপ্ৰাপ্ত বেঙ্ক বিষয়া। আৰু স্বামী হৰেন বৰুৱা স্থানীয় কলেজ এখনৰ অবসৰ প্ৰাপ্ত অধ্যাপক । তেওঁলোকৰ দুই পুত্ৰৰ শিক্ষা দীক্ষা অসমৰ বাহীৰতে হৈ বৰ্ত্তমান কৰ্ম  সূত্ৰে দুয়ো ক্ৰমে দিল্লী আৰু আমেৰিকাৰ বাসিন্দা । দুবছৰৰ মূৰত কেতিয়াবা অসমলৈ আহে যদিও কৰুণা কালৰপৰা তেওঁলোকে নিজৰ ঘৰখনলৈ আহিবলৈ বাদেই দিলে। দেউতাক হৰেন বৰুৱাৰ  কিডনী আৰু মধুমেহ বেমাৰত বহুদিন ভুগী আছে । সকলো চিকিৎসা পত্নীয়ে অকলেই কৰি আছে । সময়ত হাইদৰাবাদলৈও চিকিৎসাৰ কাৰণে হৰেনক নীলিমাই লৈ গৈছে। পিছলৈ মাজে মাজে ডায়েলাইচিচ কৰিব লগীয়া হৈ থাকে । কিন্তু পুত্ৰদ্বয়ে ফোনকল ,ভিডিঅ কলতে তেওঁলোকৰ দ্বায়িত্ব সামৰি ৰাখে। কামৰ তাগিদাত আহিব নোৱাৰাৰ অজুহাত দেখুৱাই থয়। আগতে কৰুণাৰ কাৰণে আহিব নোৱাৰাতো দেখুৱাবলৈ সহজ হৈছিল। কেতিয়াবা তেওঁলোকৰ সংসাৰৰ দ্বায়িত্ব, কেতিয়াবা তেওঁলোকৰ পৰিয়ালৰ কাৰোবাৰ অসুস্থতা দেখুৱাই থয় । আগতে বৰুৱা দম্পতীয়ে তেওঁলোকৰ পু্ত্ৰৰ গুণ গৰীমা আনৰ আগত কৈ তত্ নাপায় । ডাঙৰ চহৰত পঢ়োৱাইছে, তাতে চাকৰি পোৱাকলৈ বহুত অহংকাৰো নেদেখুৱা নহয়। আজি বৰুৱাৰ শেষ যাত্ৰতো পুত্ৰহঁত কাষত নাই । আমেৰিকাত থকা জন আহোতে দুদিনমান পলম হ’ব আৰু দিল্লীত থকাজনো কোম্পানীৰ কামত ভাৰতৰ বাহীৰত যাব লগা হ’ল । নীলিমাৰ স্বামীৰ শ দাহ ওচৰ চুবুৰিয়াৰ সহযোগত নিজেই কৰিব লগা হ’ল । এই প্ৰকাণ্ড ঘৰটোত আজিৰ এই নিৰ্জনতাত কামকৰা মানুহৰ বাহীৰে লগত  কোনো নাই । পুত্ৰ থাকিও আজি নিসন্তানৰ দৰে অকলশৰীয়া । ইয়াতকৈ দুখৰ কথা কি হ’ব পাৰে !! এফালে স্বামীক হেৰুৱাৰ দুখ আনহাতে পুত্ৰদ্বয় কাষত নথকাৰ দুখে নীলিমাক হেচা মাৰি ধৰিছে । এৰা, এই গৰ্ব অহংকাৰবোৰ কেতিয়াও স্থায়ী নহয় !!