অসুস্থ গণতন্ত্র
বাহাৰুল ইছলাম, শিক্ষক
এটি চৰণীয়া পথাৰ
দীঘ, প্ৰস্থৰ অনুপাত সুন্দৰ আৰু সুঠাম
সুবিশাল মনৰ, মেলি দিছে দুহাত
আকোঁৱালি লয় সৱকে
নিখুঁত গছ বোৰ আনন্দত মচগুল
ফুলে-ফলে জাতিস্কাৰ হৈ পৰিল
ডালে ডালে সপোন আৰু আশাবোৰ
লানি নিছিগাকৈ সিঁচৰিত হৈ আছে
জন অৰণ্যক সেৱা কৰাই মুল কাম
সিহঁতে হেনো বোলে আগুৱাই যাম।
আকাশ ভাঙি পৰিল সাউৎকৰে
চূৰ্ণ-বিচূৰ্ণ হ’ল আশা ভৰসা
হোজা আৰু নিখুঁত পথাৰখন
ইনাই বিনাই ৰোদন কৰিছে
পথাৰখন পৰিচালনা কৰা প্ৰাণীবোৰৰ অত্যাচাৰত
সিহঁতৰ সাহস তবধ লগা
সিহঁতৰ তন্ত্ৰ-মন্ত্ৰৰ ঢৌবোৰ ভয় লগা
কিন্তু,ছলাহী বচনবোৰ বৰ মৰম লগা।
পথাৰখনত জোৱাৰ আহে
বসন্ত কালত
সিহঁতে ভ্ৰমি ফুৰে আপোন স্বাৰ্থত প্ৰতিনিতে
নিতৌ গমনা-গমন কৰে
আলোকবর্ষৰ দূৰত্ব বজাই ৰাখি,
বসন্তৰ আগমনৰ লগে লগে
পুনৰ নামি আহে সু-উচ্চ টিলাৰ পৰা
অপেক্ষাৰত জন অৰণ্যত
এই অবৈধ ধাৰাত প্ৰাণ পায়
সিহঁতৰ চালিকা শকতি
যেন জলচক্ৰই পূৰ্ণতা পায়।
বহুৰূপী সিহঁতৰ বৈশিষ্ট্য
মায়াৰ হাটত কদাচিৎ সিহঁতে
কিনোতা কিম্বা বিক্ৰেতাৰ ভূমিকা পালন কৰে,
কৰ্মৰ বজাৰত বীজ সিঁচে অনেক ৰকমৰ
খেলৰ জগতখনত নিতৌ অভিলেখ গঢ়ে
মহানায়ক হৈ তাহানিতেই অৰ্জন কৰি থৈছে
কত সোণ-ৰূপ কিম্বা ব্ৰঞ্জৰ পদক
সঁচাকৈয়ে সিহঁত উচ্চ বংশৰ ভাগ্যৱান প্ৰাণী।