অসম লেখিকা সমাজ আৰু একলব্য আই এ এছ একাডেমীৰ যৌথ উদ্যোগত গুৱাহাটীত সৰ্বভাৰতীয় প্রতিযােগিতামূলক পৰীক্ষাৰ প্রস্তুতিসম্পৰ্কীয় কর্মশালা 

অসম লেখিকা সমাজ আৰু একলব্য আই এ এছ একাডেমীৰ যৌথ উদ্যোগত গুৱাহাটীত সৰ্বভাৰতীয় প্রতিযােগিতামূলক পৰীক্ষাৰ প্রস্তুতিসম্পৰ্কীয় কর্মশালা 

ৰঙিলী বাৰ্ত্তাসেৱা-   অসম লেখিকা সমাজ আৰু একলব্য আই এ এছ একাডেমীৰ যৌথ উদ্যোগত গুৱাহাটীৰ গনেশগুৰিস্থিত ৰাধিকা ভৱনত প্রতিযােগিতামূলক পৰীক্ষাত অৱতীর্ণ হ’বৰ বাবে প্রয়ােজনীয় প্রস্তুতি সন্দৰ্ভত অনুষ্ঠিত কৰা তিনিদিনীয়া কর্মশালাৰ আজি দ্বিতীয় দিন। প্রশিক্ষণকালত সাধাৰণ জ্ঞানকে ধৰি প্রতিযােগিতামূলক পৰীক্ষাত ল’বলগীয়া বিভিন্ন বৈকল্পিক বিষয় সন্দৰ্ভত অৱলােকন কৰা হয়প্রশিক্ষণকালত অসম অসামৰিক সেৱাৰ বিষয়া ক্রমে নীলােৎপল গােহাঁই আৰু বিপাঞ্চী দত্তই প্রশিক্ষার্থীসকলৰ লগত মত বিনিময় কৰে। ৰাজ্যখনৰ বিভিন্ন প্রান্তৰ ৪০ গৰাকী প্রশিক্ষার্থীয়ে অংশগ্রহণ কৰা এই কর্মশালাখনি কালি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ভাৰতীয় প্রশাসনিক সেৱা (আই এছ)ৰ অৱসৰপ্ৰাপ্ত বিষয়া হৰিশ সােণােৱালে। অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈৰ সভাপতিত্বত অনুষ্ঠিত হােৱা। উদ্বোধনী সভাত ভাৰতীয় আৰক্ষী সেৱাত কর্তব্যৰত বিষয়া অৰবিন্দ কলিতা আৰু দি আছাম। ট্রিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক প্রশান্তজ্যোতি বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে উপস্থিত প্রশিক্ষার্থীসকলক উদ্দেশ্যি প্রতিযােগিতামূলক পৰীক্ষাৰ প্রস্তুতি সন্দৰ্ভত পৰামৰ্শ আগবঢ়াই অনুপ্ৰেৰণামূলক বক্তৃতা দিয়ে। প্রধান সম্পাদিকা বর্ণালী দত্ত বৰাই আঁত ধৰা অনুষ্ঠানত মংগল বন্তি প্রজ্বলন কৰে একাডেমীখনৰ অধ্যক্ষ হৰমােহন কলিতাই আৰু সভাপতি শ্রীমতী গগৈয়ে আদৰণি ভাষণ প্রদান কৰেঅনুষ্ঠানত লেখিকা সমাজৰ কাৰ্যকৰী সভাপতি ৰেণু মহন্তকে ধৰি অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে। কাইলৈ অন্ত পৰিবলগীয়া কর্মশালাখনিৰ সামৰণি অনুষ্ঠানত  অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া লংকি ফংচসন্মানীয় অতিথিৰূপে উপস্থিত থাকিব।  উল্লেখযােগ্য যে ২০২১ বৰ্ষৰ নৱেম্বৰ মাহত প্রতিষ্ঠা হােৱা অসম লেখিকা সমাজে যােৱা প্রায় এবছৰীয়া কার্যকালত সাহিত্যৰ ক্ষেত্ৰখনৰ লগতে সামাজিক-সাংস্কৃতিক-শৈক্ষিক ক্ষেত্ৰখনৰ উন্নয়নৰ বাবেও বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে। ইয়াৰে অংশ হিচাপে বিভিন্ন প্রতিযােগিতামূলক পৰীক্ষাৰ বাবে নিজকে সাজু কৰাৰ ক্ষেত্ৰত ৰাজ্যখনৰ ল’ৰা-ছােৱালীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে এই কর্মশালাখনি অনুষ্ঠিত কৰে।