অসম বিধান সভাৰ মজিয়াত প্ৰতিদিন গোষ্ঠী, জয়ন্ত বৰুৱাক মুখ্যমন্ত্ৰীয়ে আক্ৰমণ কৰাটো দুৰ্ভাগ্যজনক: জগদীশ ভূঞা

অসম বিধান সভাৰ মজিয়াত প্ৰতিদিন গোষ্ঠী, জয়ন্ত বৰুৱাক মুখ্যমন্ত্ৰীয়ে আক্ৰমণ কৰাটো দুৰ্ভাগ্যজনক: জগদীশ ভূঞা

ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ‘অসমীয়া প্ৰতিদিন’ কাকতৰ সম্পাদক তথা ‘সাদিন-প্ৰতিদিন’ গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাক আক্ৰমণৰ লক্ষ্য কৰি লোৱা ঘটনাত বিস্ময় প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই। এক প্ৰেছ বিজ্ঞপ্তিযোগে গগৈ আৰু ভূঞাই কয়, ‘বিধানসভাত আত্মপক্ষ সমৰ্থনৰ সুবিধা নথকা কোনো ব‍্যক্তিক আক্ৰমণ কৰিব নালাগে বুলি মদগৰ্বী মুখ‍্যমন্ত্ৰীয়ে চাগে পাহৰিয়েই গ’ল। সেয়েহে প্ৰতিদিন গোষ্ঠীক আৰু জয়ন্ত বৰুৱাক বিধানসভাৰ মজিয়াত আক্ৰমণ কৰি শূণ্য গ’লপষ্টতেই গ’ল দি খেল জিকাৰ পৈশাচিক আনন্দ লাভ কৰিছে।’ক্ষমতা আৰু টকাই মুখ‍্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মূৰত ধৰিছে বুলি উষ্মা প্ৰকাশ কৰি তেওঁলোকে কয়, ‘মুখ্যমন্ত্ৰীয়ে পাহৰি গ’ল যে, সময় কোনো এজন ব‍্যক্তিৰ লগত একপক্ষীয়ভাৱে নাথাকে।যিদিনা সময়ে তেওঁৰ লগ এৰিব, সেইদিনা বানতকৈ তীব্ৰ বেগত তেওঁৰ ক্ষমতা উৰুৱাই লৈ যাব। (এই বাক‍্যশাৰী কালি মুখ‍্যমন্ত্ৰীয়ে এজন বিধায়কক উদ্দেশ্যি সাংবাদিকৰ আগত কৈছিল আৰু এই আপ্ত বাক‍্যশাৰী সকলোৰে ক্ষেত্ৰত প্ৰযোজ‍্য, মুখ‍্যমন্ত্ৰীয়ে মনত ৰখা ভাল)।’

গৈ আৰু ভূঞাই লগতে কয়, ‘অসমৰ সংবাদ গোষ্ঠীয়ে যদি অসমত থাকিব লাগে, তেন্তে মুখ‍্যমন্ত্ৰী আৰু বিজেপিৰ পক্ষত বাতৰি পৰিবেশন কৰিব লাগিব, তেতিয়াহে TRP বাঢ়িব আৰু যদি বাংলাদেশত বাতৰি পৰিবেশন কৰে কথা নাই’ বুলি কিমান অহংকাৰী আৰু স্বেচ্ছাচাৰী হ’লে গণতান্ত্ৰিক ব‍্যৱস্থাত এজন মুখ‍্যমন্ত্ৰীয়ে এই ধৰণৰ কথা ক’ব পাৰে৷’ মুখ‍্যমন্ত্ৰীক উদ্দেশ্যি অজাপ নেতাদ্বয়ে লগতে কয়, “আপোনাৰ TRP মেচিনে কি কয় সেইটো গুৰুত্বপূৰ্ণ কথা নহয়। কিন্তু আপোনালোকৰ কু-কৰ্মসমূহ প্ৰচাৰ কৰা সংবাদ গোষ্ঠীসমূহৰ প্ৰতি অসমৰ জনসাধাৰণৰ হৃদয়ত TRP বহুত বাঢ়ি যায় আৰু আপোনালোকৰ লগত আপোচ কৰা বুলি অনুভৱ কৰিলে সংবাদ গোষ্ঠীসমূহৰ প্ৰতি জনসাধাৰণৰ হৃদয়ত TRP কমি যায়।”অসম জাতীয় পৰিষদৰ নেতাদ্বয়ে মুখ্যমন্ত্ৰীগৰাকীক উদ্দেশ্যি কেইবাটাও প্ৰশ্ন উত্থাপন কৰে।তেওঁলোকে কয়, “মুখ‍্যমন্ত্ৰী, অসমৰ সংবাদ মাধ‍্যমে আপোনাৰ কোনবোৰ কামৰ সমৰ্থন কৰিব লাগে বাৰু ?আপোনালোকে চলাই থকা হাজাৰ কোটি টকাৰ অবৈধ কয়লাৰ ক’লা বেহাৰ বিষয়ে৷আপোনালোকে চলাই থকা শিল, বালি, কাঠ, কণী, মাছ, চুপাৰি আৰু গৰুৰ চিণ্ডিকেটৰ বিষয়ে৷ বিশুদ্ধ খোৱা পানী খুৱাম বুলি হাজাৰ হাজাৰ কোটি টকাৰ শৰাধ কৰি পানী খাবলৈ নোপোৱা ফ্লপ জল জীৱন মিচনৰ বিষয়ে৷বিশুদ্ধ পানী খাবলৈ নোপোৱা আৰু এজাক বৰষুণত সভ‍্যতা উটি ভাঁহি যোৱা গুৱাহাটীৰ পৰিস্থিতিৰ বিষয়ে৷ ৪৭ লাখ টকীয়া গাড়ী ১ কোটি ২৮ লাখ টকাত কিনা গুৱাহাটী পৌৰ নিগমৰ সু-শাসনৰ বিষয়ে৷ আপোনালোকে লুণ্ঠন কৰিবলৈ স্থাপন কৰা টোল-গেটসমূহৰ বিষয়ে৷

আপোনাৰ চৰকাৰৰ সকলো বিভাগত চলি থকা কমিচনৰাজৰ বিষয়ে৷ আপুনি নিৰ্মান কৰা ডাক্তৰ আৰু চিকিৎসা বিহীন মডেল হস্পিটেল সমূহৰ বিষয়ে নে কাঠফুলাৰ দৰে নিৰ্মান কৰা আৰু গুৰুত্বপূৰ্ণ কোনো ৰোগৰ চিকিৎসা নোহোৱা চিকিৎসা মহাবিদ‍্যালয় সমূহৰ বিষয়ে আৰু কি কি সমৰ্থন কৰিব লাগিব৷স্বাধীনতাৰ পিছত কু-শাসনৰ অভিলেখ ভংগ কৰা আপোনালোকৰ চৰকাৰৰ কোনটো কামক স্বাধীনচিতীয়া সংবাদ গোষ্ঠীয়ে সমৰ্থন কৰিব পাৰে বাৰু৷ইমানবোৰ কু-শাসনৰে অভিলেখ ভংগ কৰাৰ পিছতো আপোনাৰ ইমান অহংকাৰ কিয়৷”এই কিয়টোৰহে উত্তৰ আমাক লাগে” বুলি প্ৰেছ বিজ্ঞপ্তিটোত গগৈ আৰু ভূঞাই লগতে উল্লেখ কৰে৷