অসম বাৰ্তাজীৱী সংঘৰ ২০২০-২১ বৰ্ষৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা

অসম বাৰ্তাজীৱী সংঘৰ ২০২০-২১ বৰ্ষৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম বাৰ্তাজীৱী সংঘৰ ২০২০-২১ বৰ্ষৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা এখন গুৱাহাটী গণেশগুৰিৰ হোটেল উপাসনা পেলেচৰ সভাকক্ষত অনুষ্ঠিত হয়৷দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত এই সভাত সভাপতিত্ব কৰে সংঘৰ সভাপতি কেশৱ কলিতাই৷অসমৰ বিভিন্ন জিলা , মণ্ডলৰ পৰা অহা কাৰ্যনিৰ্বাহক সদস্যসকলৰ উপস্থিতত অনুষ্ঠিত হোবা এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সংঘৰ সাধাৰণ সম্পাদক টুটুমনি ফুকনে৷সংঘৰ সাংগঠনিক দিশ আৰু বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰাৰ অন্তত সভাই ২০১৯- ২১ বৰ্ষৰ আয়- ব্যয়ৰ হিচাপ প্ৰতিবেদন গ্ৰহণ কৰে৷অসম বাৰ্তাজীৱী সংঘৰ ২০২২-২৩ বৰ্ষৰ বাবে নতুন কাৰ্যনিৰ্বাহক গঠনৰ উদ্দেশ্য ২৬ ডিচেম্বৰ ২০২১ ত সংঘৰ সাধাৰণ নিৰ্বাচনৰ দিন নিৰ্ধাৰণ কৰাৰ লগতে নতুন সদস্য ভৰ্তি,সদস্যপদ নৱীকৰন আৰু জিলা সমিতিসমূহে দিবলগীয়া কোটামানি আদায়ৰ শেষ দিন অহা ২৩ নৱেম্বৰ ,২০২১ নিৰ্ধাৰণ কৰা হয়।২৫ নৱেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হব৷এইবাৰৰ নিৰ্বাচন পৰিচালনাৰ বাবে আমাৰ অসমৰ ডেপুটি এডিটৰ গৌতম শৰ্মাক মুখ্য নিৰ্বাচনী বিষয়া হিচাপে সভাই সৰ্বসন্মতি ক্ৰমে দায়িত্ব অৰ্পণ কৰে৷সভাত ২০২২ বৰ্ষৰ ২১,২২ আৰু ২৩ জানুৱাৰীত অসম বাৰ্তাজীৱী সংঘৰ ৪৫ সংখ্যক দ্বি- বাৰ্ষিক অধিৱেশনখনি তিনিচুকীয়া জিলা সাংবাদিক সংস্হাৰ আহ্বান মৰ্মে লিডুত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷এই সভাতে অসম বাৰ্তাজীৱী সংঘৰ উদ্যোগত গুৱাহাটী কাহিলিপাৰাৰ সাংবাদিক কলনিত থকা নিজস্ব ভূমিত গুৱাহাটী প্ৰেছ একাডেমী নিৰ্মান কাৰ্য্য আৰম্ভ কৰিবৰ বাবে সভাই সিদ্ধান্ত গ্ৰহণ কৰে৷তদুপৰি সাম্প্ৰতিক ক’ভিডকালত আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত সাংবাদিকক এককালীন সাহায্য প্ৰদান ,ৰাজ্যৰ কৰ্মৰত সাংবাদিকসকলৰ বাবে ৰাজ্যৰ নগৰ-মহানগৰত আবাসৰ ব্যৱস্থা কৰা, সাংবাদিকৰ বাবে স্বাস্থ্য বীমা আঁচনিৰ প্ৰচলন আদিকে ধৰি বিভিন্ন বিষয়ক লৈ বাৰ্তাজীৱী সংঘই মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে৷