অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম আহমেদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহগণা

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম আহমেদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহগণা

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম প্ৰদেশ যুৱ কংগ্ৰেছ (APYC)-ৰ সভাপতি জুবেৰ আনম আহমেদক অসম পুলিচে গ্ৰেপ্তাৰ কৰা কাৰ্যক ভূপেন বৰাই তীব্ৰ ভাষাৰে গৰিহণা দিছে। গণতন্ত্ৰ বিৰোধী এনে কাৰ্য অসমৰ জনসাধাৰণক, বিশেষকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে জড়িত লোকসকলক ভীতিগ্ৰস্ত কৰি ৰাখিবলৈ চৰকাৰে অবিৰতভাৱে চলাই থকা পৰিকল্পনাৰ এক স্পষ্ট প্ৰতিফলন।এনে স্বৈৰাচাৰী কাৰ্যৰ পুনৰাবৃত্তিৰ পিছতো আমি গণতান্ত্ৰিক মূল্যবোধ ৰক্ষা কৰা আমাৰ সংকল্পত অটল আৰু অবিচলিত হৈ ৰৈছে বুলি বৰাই কয়৷অসম আৰক্ষীয়ে বিজেপি দল আৰু চৰকাৰৰ বিৰোধী লোকসকলক লক্ষ্য কৰি লোৱাৰ কাৰণ কি সেই সম্পৰ্কে স্পষ্টীকৰণ দিবলৈ তেওঁ অসম আৰক্ষীক আহ্বান জনায়। এনে কাৰ্যই কেৱল গণতন্ত্ৰকেই দুৰ্বল নকৰে, ইয়াৰ জৰিয়তে ক্ষমতাৰো চূড়ান্ত অপব্যৱহাৰ সংঘটিত হয়।এই অন্যায়ৰ বিৰুদ্ধে একগোট হৈ আছো আৰু সত্যৰ সপক্ষে, গণতন্ত্ৰৰ হকে আমাৰ সংগ্ৰাম অবিৰতভাৱে অব্যাহত থাকিব বুলি উল্লেখ কৰে৷