অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক (প্ৰশাসনিক) অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰ

Pc The Dispatch

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক (প্ৰশাসনিক) অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অহা ১৫,১৬ আৰু ১৭ ডিচেম্বৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী মন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত তিনিদিনীয়াকৈ “আকৌ নতুন প্ৰভাত হ’ব” শিৰোনামেৰে ” ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰ” অনুষ্ঠিত হ’ব। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাংগঠনিক বিভাগৰ অধীনত প্ৰশিক্ষণ বিভাগৰ তত্বাৱধানত হ’বলগীয়া এই প্ৰশিক্ষণ কাৰ্য্যসূচীত দলৰ সকলো সাংসদ, প্ৰাক্তন সাংসদ, বিধায়ক তথা প্ৰাক্তন বিধায়ক সকল, বিগত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা দলীয় প্ৰাৰ্থী সকল, এআইচিচিৰ সদস্য-সদস্যা সকল, প্ৰদেশ কংগ্ৰেছৰ সদস্য-সদস্যা, জিলা আৰু ব্লক কংগ্ৰেছৰ সভাপতি সকল, ৰাজ্যিক ভাতৃ-ভগ্নী সংগঠন, কোষ আৰু বিভাগৰ মুৰব্বী তথা প্ৰতিনিধি, জিলা পৰিষদৰ সভাপতি তথা উপ-সভাপতি, স্বায়ত্ব শাসিত পৰিষদৰ বৰ্তমান তথা প্ৰাক্তন প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰিব। অহা ১৫ ডিচেম্বৰৰ ৰাতিপুৱা ৯-৩০ বজাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই দলৰ পতাকা উত্তোলন কৰিব। দিনৰ ১১-০০ বজাৰ পৰা আয়োজিত উদ্ধোধনী অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং মুখ্য অতিথি হিচাপে প্ৰশিক্ষণ কাৰ্য্যসূচীৰ শুভ উদ্বোধন কৰিব। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত অনুষ্ঠিত হ’বলগীয়া প্ৰথম দিনাৰ প্ৰশিক্ষণ কাৰ্য্যসূচীত ডি পি ৰায়, শচীন ৰাও আৰু সুমন লস্কৰে অংশ গ্ৰহণ কৰিব। ইয়াৰোপৰি সভাপতি লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন সভাপতি পবন সিং ঘাটোৱাৰ, উপ-দলপতি ৰকিবুল হুছেইন, সকলো সাংসদ আৰু তিনিগৰাকী কাৰ্য্যকৰী সভাপতি ক্ৰমে,ৰাণা গোস্বামী, কমলাক্ষ দে পুৰকায়স্থ, জাকিৰ হুছেইন শিকদাৰ উপস্থিত থাকিব।১৬ ডিচেম্বৰত দ্বিতীয় দিনাৰ প্ৰশিক্ষণত প্ৰাক্তন কেন্দ্ৰীয় গৃহ আৰু বিত্তমন্ত্ৰী পি,চিদাম্বৰমৰ উপৰিও সকলো সাংসদ, অধিবক্তা শান্তনু বৰঠাকুৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। ১৭ ডিচেম্বৰৰ সামৰণি অনুষ্ঠানত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক (সংগঠন) কে,চি,বেণুগোপাল মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে ড০ দয়ানন্দ পাঠক আৰু সামাজিক মাধ্যমৰ ৰাষ্ট্ৰীয় সমন্বয়ক প্ৰণব ভাচ্চাৰাজনী সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। ইতিমধ্যে মহাৰাষ্ট্ৰৰ ওৱাৰ্ধাৰ সেৱাশ্ৰমত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰশিক্ষণ বিগত নৱেম্বৰ মাহত অনুষ্ঠিত হৈ গৈছে।”কা” আন্দোলনৰ পঞ্চ শ্বহীদ লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা আজি দলৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়।বেজৰ নাকতেই খৰ-দূৰ্ণীতি নিৰ্মূল কৰাৰ হুংকাৰ দিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীৰ পৰিবাৰ আৰু পৰিয়ালৰ নেতৃত্বতে ৰাজ্যত ভয়ানক ভূমি কেলেংকাৰী সংঘটিত হৈছিল ২০০৬ চনতে। এই কাৰ্য্যৰ সৈতে জড়িত আছে মুখ্যমন্ত্ৰী শোৱনিকোঠাৰ মানুহ হিচাপে পৰিচিত জনৈক ৰঞ্জিত ভট্টাচাৰ্য্য আৰু বিশিষ্ট ব্যৱসায়ী জনৈক অশোক ধনুকা। সাধাৰণ মাটিৰ দালালক গ্ৰেপ্তাৰ কৰি চমক দিয়া মুখ্যমন্ত্ৰী গৰাকীৰ নীৰৱতা আৰু বক্তব্যই এটা কথা নিশ্চিত কৰিছে নেকি- যে, এতিয়াৰ পৰা পৰিবাৰ আৰু পৰিয়ালে কৰা দূৰ্ণীতি আইনৰ দৃষ্টিত অপৰাধ নহয়। চৰকাৰী তথ্য অনুসৰি ২০০৯চনত বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাত ভূমিহীনৰ নামত আৱন্টিত ১১ বিঘা ৩কঠা৪লেছা চৰকাৰী চিলিং মাটি আৰবিএছ ৰিয়েলটৰ্ছে কেনেকৈ কিনিব পাৰিলে তাৰ ন্যায়িক তদন্ত ঘোষণা কৰিবলৈ মুখ্যমন্ত্ৰীৰ সাহস ঽবনে? একেদৰে উত্তৰ গুৱাহাটীৰ দুটা অনুষ্ঠানৰ নামত আৱন্টিত ১৭ বিঘা ২ কঠা ৫লেছা মাটিও আৱন্টনৰ এবছৰৰ ভিতৰতে আৰবিএছ ৰিয়েলটৰ্ছে কেনেকৈ কিনিব পাৰে। চৰকাৰী মাটি আৱন্টনৰ বিধি মতে, স্বত্ব লাভ কৰাৰ ১০ বছৰৰ ভিতৰত সেই মাটি বেচিব নোৱাৰে। তেনে ক্ষেত্ৰত এই কাৰ্য্যত মুখ্যমন্ত্ৰী আশীৰ্বাদ নহ’লে সম্ভৱ নে?মুখ্যমন্ত্ৰীলৈ প্ৰত্যাহ্বান– আপোনাৰ সততাৰ প্ৰমাণ দিয়ক।